গহপুৰৰ মৰা চেঙেলীত ২৭ কাৰ্টুন অৰুণাচলী সুৰা জব্দ, আটক এজন

গহপুৰৰ মৰা চেঙেলীত ২৭ কাৰ্টুন অৰুণাচলী সুৰা জব্দ, আটক এজন

ডিজিটেল সংবাদ, ছয়দুৱাৰ: লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত গহপুৰ মহকুমাৰ অন্তৰ্গত হেলেমৰ উত্তৰাঞ্চলত অৰুণাচলী সুৰাৰ বিৰূদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে আৰক্ষীয়ে। আৰক্ষীয়ে চলোৱা এই অভিযানৰ মাজতে বুধবাৰে হেলেম আৰক্ষী থানাৰ অন্তৰ্গত মৰা চেঙেলীত জব্দ হৈছে ২৭ কাৰ্টুন অৰুণাচলী সুৰা।

বিশ্বনাথ জিলাৰ উপ-আৰক্ষী অধীক্ষক(সদৰ) নৱজিৎ বাগৰি,বৰগাং কেম্পৰ এছ এছ বিৰ সহকাৰী কমানডেণ্ট হিমাংশু মহান্তি,উপ আৰক্ষী অধীক্ষক(প্ৰবেছনাৰ) বিশাল গগৈৰ নেতৃত্বত হেলেম আৰক্ষীয়ে চলোৱা অভিযানত জব্দ হয় প্ৰায় এক লাখ বিশ হাজাৰ টকা মূল্যৰ অৰুণাচলী সুৰাখিনি। এ এছ ৩২ বি ০৭৭১ নম্বৰৰ এখন ব্যক্তিগত বাহনেৰে অৰুণাচল বালিজানৰ পৰা টেটোনবাৰী অভিমুখে কঢ়িয়াই আনি থকাৰ পথত মৰা চেঙেলীৰ সমীপত গাড়ীসহ জব্দ হোৱা অৰুণাচলী সুৰাখিনি পিছত হেলেম থানালৈ লৈ অহা হয়।

এই সুৰা সৰবৰাহৰ লগত জড়িত টেটোনবাৰীৰ ক্ষিৰোদ ৰাজবংশীক গ্ৰেপ্তাৰ কৰি তেওঁৰ বিৰুদ্ধে যাৱতীয় আইনী ব্যৱস্থা গ্ৰহণ কৰিছে হেলেম আৰক্ষীয়ে।

গহপুৰৰ মৰা চেঙেলীত ২৭ কাৰ্টুন অৰুণাচলী সুৰা জব্দ, আটক এজন
বিহু পালেহিঃ গগনা, সুতুলী, টকা বনোৱাত ব্যস্ত ঢকুৱাখনাৰ প্ৰশান্ত বৰুৱা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in