ডিজিটেল সংবাদ,কলিয়াবৰঃ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ মহাপ্ৰয়াণৰ দিনটো শিলঘাটত মানৱতা দিৱস হিচাপে উদযাপন কৰা হয়। উদযাপন থলীত সুধাকণ্ঠৰ আত্মীয়ই দেওবাৰে কুঠৰীৰ গৃহটোক আটক ধুনীয়াকৈ সংৰক্ষণৰ বাবে পুনৰ চৰকাৰক আহ্বান জনায়।
এই উদ্দেশ্যৰে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি ড০ ভূপেন হাজৰিকাৰ ভতিজা নিয়ৰ হাজৰিকাই আবেগেৰে কুঠৰীৰ গৃহটো সুন্দৰকৈ সংৰক্ষণ কৰি তাত ভূপেন হাজৰিকাৰ সৃষ্টি ৰাজি সংৰক্ষণ কৰি কাজিৰঙালৈ অহা দেশ-বিদেশৰ পৰ্যটকে চাব পৰা বা গীত সমূহ শুনাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনায়। লগতে তেওঁলোকৰ হাতত থকা ভূপেন হাজৰিকাৰ বিভিন্ন সম্পদসমূহ কুঠৰীৰ গৃহত ৰাখিব পৰা যাব বুলিও মন্তব্য কৰে।
কলিয়াবৰ মহকুমা প্ৰশাসনৰ উদ্যোগত,কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা,কলিয়াবৰ শাখা সাহিত্য সভা, কলিয়াবৰ প্ৰেছ ক্লাব, অসম সমবায় মৰাপাট কল কৰ্তৃপক্ষ,কৰ্মী সন্থা আৰু কলিয়াবৰবাসীৰ ৰাইজৰ সহযোগত শিলঘাটস্থিত সুধাকন্ঠ স্মৃতি উদ্যানত মানৱতা দিৱস উদযাপন কৰা হয়। তদুপলক্ষে পুৱা আৰম্ভণিতে ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্ত্তিত বন্তি প্ৰজ্বলন কৰে অতিৰিক্ত আয়ুক্ত তথা কলিয়াবৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি লিজা তালুকদাৰে।
অনুষ্ঠানত নগাঁও জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি মৃগাংক শেখৰ ভড়ালী হাজৰিকাই কুঠৰীৰ গৃহটো পৰিত্যক্ত অৱস্থাত পৰি থকাৰ বাবে দুখ প্ৰকাশ কৰে। অতি সোনকালে ড° ভূপেন হাজৰিকাৰ কুঠৰীৰ গৃহটো হেৰিটেজ গৃহ হিচাপে সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ তেওঁ চৰকাৰক দাবী জনায় ।
অনুষ্ঠানত কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ সৌজন্যত "জিলিকাব লুইতৰ পাৰ" শীৰ্ষক সংগীতালেখ্য অনুষ্ঠানটি সঞ্চালনা কৰে নাট্যকাৰ ভূপেন্দ্ৰ নাথ হাজৰিকাই। অনুষ্ঠানত উদীয়মান শিল্পী নীলপৱন বৰাৰ লগতে শিশু বিদ্যাপীঠ ছিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ কেইবাগৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰি অনুষ্ঠানটো জীপাল কৰি তোলে। কলিয়াবৰ লেখিকা সমাৰোহ সমিতিৰ সৌজন্যত "সমবেত সংগীত" আৰু "ভূপেন্দ্ৰ সংগীত" প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়।