অসম এচ'ছিয়েচন,মিজোৰাম কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উদ্যোগত সুধাকণ্ঠক শ্ৰদ্ধাঞ্জলি জ্ঞাপন

অসম এচ'ছিয়েচন,মিজোৰাম কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উদ্যোগত সুধাকণ্ঠক শ্ৰদ্ধাঞ্জলি জ্ঞাপন

author-image
Asomiya Pratidin
New Update
অসম এচ'ছিয়েচন,মিজোৰাম কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উদ্যোগত সুধাকণ্ঠক শ্ৰদ্ধাঞ্জলি জ্ঞাপন

ডিজিটেল সংবাদ,বটদ্ৰৱাঃ অসম এচ'ছিয়েচন, মিজোৰাম কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উদ্যোগত বিশ্ববিদ্যালয়ৰ অতিথিগৃহ প্ৰেক্ষাগৃহত গীত মাত কবিতাৰে দেওবাৰে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক সম্পাদক প্ৰলয় কুমাৰ বড়ো, বৰষা ৰাভা আৰু দ্বীপৰঞ্জন পাঠকে আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আদৰণি ভাষণ আৰু সভাৰ উদ্দেশ্য বাখ্যা কৰে অসম এচ'ছিয়েচনৰ সাধাৰণ সম্পাদক দেৱাশীষ শৰ্মাই।

Advertisment

অনুষ্ঠানৰ অতিথি তথা খাদ্য প্ৰযুক্তি বিদ্যা বিভাগৰ সহকাৰী অধ্যাপক ড০ হিমজ্যোতি দত্তই ভূপেন হাজৰিকাৰ জীৱনী,কৰ্মৰাজী তথা সাংস্কৃতিক অৱদানৰ বিষয়ে আলোকপাত কৰে। তেওঁ কয় যে "ভূপেনদা আমাৰ সম্পদ, তেখতৰ অৱদান অপৰিসীম। তেখতৰ গীত মাত আৰু সৃষ্টিৰাজিক চৰ্চাৰ মাধ্যমেৰেহে আমাৰ মাজত জীয়াই ৰাখিব লাগিব।

আন এগৰাকী অতিথি একে বৰুৱাই ভূপেন হাজৰিকাৰ সংগ্ৰাম আৰু সাহিত্যিক অবদানৰ বিষয়ে আলোকপাত কৰে। ভূপেন হাজৰিকাদেৱৰ গীতত নৃত্য পৰিৱেশন কৰে জোনাক জ্যোতি বৰ্মনে।

প্ৰনাক্ষী‌ শৰ্মা, বৰষা ৰাভা, সুকন্যা চেতিয়া আৰু দ্বীপ ৰঞ্জন পাঠকে এটিকৈ ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰে। অসম এচ'ছিয়েচনৰ সভাপতি বিকি হাজৰিকাই শলাগৰ শৰাই আগবঢ়ায়। সদৌ শেষত অসমৰ জাতীয় সঙ্গীতেৰে অনুষ্ঠানৰ সামৰণি মৰা হয়।

Also Read: নগাঁও ৰে'ল ষ্টেচনৰ সমীপৰ জংঘলত অচেতন অৱস্থাত মহিলা উদ্ধাৰ

Mizoram Central University Assam Association Sudhakantha