এশ শতাংশ উত্তীৰ্ণৰে ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সফলতা..

এশ শতাংশ উত্তীৰ্ণৰে ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সফলতা..

ডিজিটেল সংবাদ,বটদ্ৰৱাঃ আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত এশ শতাংশ উত্তীৰ্ণৰে বটদ্ৰৱালৈ গৌৰৱ কঢ়িয়াই আনিলে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানে। বটদ্ৰৱাৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা দ্বিতীয় বাৰৰ বাবে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা কলা,বাণিজ্য আৰু বিজ্ঞান শাখাত মুঠ ৪১ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল। তাৰে কলা শাখাত প্ৰথম বিভাগত ৭ জন দ্বিতীয় বিভাগত ৭ জন আৰু তৃতীয় বিভাগত ৩ জন উত্তীৰ্ণ হয়।

বিজ্ঞান শাখাত প্ৰথম বিভাগত ৩ জন দ্বিতীয় বিভাগত ৭ জন আৰু তৃতীয় বিভাগত ৩ জন উত্তীৰ্ণ হোৱাৰ উপৰিও বাণিজ্য শাখাত প্ৰথম বিভাগত ১ জন দ্বিতীয় বিভাগত ৫ জন আৰু তৃতীয় বিভাগত ২ জন উত্তীৰ্ণ হয়।

ইয়াৰে কলা শাখাৰ প্ৰীতি দাসে ৪ টা বিষয়ত লেটাৰ তথা ষ্টাৰ নম্বৰ লাভ কৰাৰ সমান্তৰালকৈ মফিজুল ইছলাম, ৰাকিব টানবিৰ আহমেদে বিজ্ঞান শাখাত ষ্টাৰ নম্বৰ লাভ কৰি একাডেমী খনলৈ গৌৰৱ কঢ়িয়াই আনিছে।

উল্লেখ্য যে অঞ্চলটোৰ অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰী সকলে অধ্যয়ন কৰা ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা দ্বিতীয় বাৰৰ বাবে উচ্চতৰ মাধ্যমিকত এশ শতাংশ ছাত্ৰ ছাত্ৰীয়েই উত্তীৰ্ণ হোৱা লৈ ৰাইজে অধ্যক্ষ জুনাইদ আহমেদ চৌধুৰীক অভিনন্দন জনায়।

এশ শতাংশ উত্তীৰ্ণৰে ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সফলতা..
নগাঁৱত কৃষি মেলা আৰু প্ৰদৰ্শনী অনুষ্ঠিত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in