নগাঁৱত কৃষি মেলা আৰু প্ৰদৰ্শনী অনুষ্ঠিত

নগাঁৱত কৃষি মেলা আৰু প্ৰদৰ্শনী অনুষ্ঠিত

author-image
Asomiya Pratidin
New Update
নগাঁৱত কৃষি মেলা আৰু প্ৰদৰ্শনী অনুষ্ঠিত

ডিজিটেল সংবাদ,বটদ্ৰৱাঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি ২০২৪ৰ নগাঁও কেন্দ্ৰৰ শিক্ষাৰ্থীসকলৰ উদ্যোগত বৃহস্পতিবাৰে চমুৱা গাঁৱৰ নামঘৰৰ সমীপৰ মুকলি মঞ্চত "কৃষি মেলা আৰু প্ৰদৰ্শনী" অনুষ্ঠিত হয়। কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ তত্বাৱধানত অনুষ্ঠিত হোৱা কাৰ্যসূচীত উপস্থিত থাকে কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ মূৰব্বী ড০ নিৰঞ্জন ডেকা।

Advertisment

সভাত উপস্থিত থাকি ডেকাই কয় যে, কৃষি ক্ষেত্ৰত নতুন উদ্ভাৱনৰ বাবে আজিৰ কৃষকে প্ৰতিকূল পৰিবেশক চেলেঞ্জ কৰি আগবাঢ়ি গৈছে। কৃষক সকলক বৰ্তমান কৃষি উদ্যোগী বোলা হয়। কাৰণ পৰম্পৰাগত কৃষি পদ্ধতি সলনি কৰি বৰ্তমান কৃষকে নিজ উৎপাদন বৃদ্ধি কৰিছে। কৃষি আৰু বিজ্ঞানৰ সংযোগৰ বাবে এয়া সম্ভৱ হৈছে। কৃষি যান্ত্ৰিকৰণৰ ফলত কৃষক সকল আগবাঢ়িছে।

গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনিৰ শিক্ষাৰ্থী প্ৰতীতি ভৰালী আৰু ইন্দ্ৰানী শইকীয়াই আঁত ধৰা অনুষ্ঠানটিত অতিথি ৰূপে অংশগ্ৰহণ কৰে নগাঁও জিলা কৃষি বিষয়া ড০ ৰঞ্জন প্ৰসাদ ডেকা। সভাত মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰ চিলঙনিৰ মুখ্য বিজ্ঞানী ড০ হিৰণ্য কুমাৰ বৰা উপস্থিত থাকে।

অসম কৃষি বিশ্ববিদ্যালয়ৰ গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি ২০২৪ৰ পৰ্যবেক্ষক ড০ ৰঞ্জন কন্দলি, গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনিৰ পৰ্যবেক্ষক অধ্যাপিকা ড০ গায়ত্ৰী গোস্বামী কন্দলি, যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড০ অঞ্জন কৃষ্ণ শৰ্মাই ভাষন প্ৰদান কৰা অনুষ্ঠানটিত কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ ভূমি বিজ্ঞান বিশেষজ্ঞ দিপেন চন্দ্ৰ নাথ, পশু বিজ্ঞান বিশেষজ্ঞ ড০ অনিমেষ ডেকা, ৰহা মীন মহাবিদ্যালয়ৰ পাম পৰিচালক ড০ ধীৰেন চন্দ্ৰ নাথৰ লগতে নগাঁও জিলাৰ চকলাঘাট, হাতীচোং, চমুৱাগাওঁ, চাউলখোৱা গাঁও, কুৰুৱাবাহী, ব্ৰাহ্মণ গাঁও আদি অঞ্চলৰ পাঁচ শতাধিক কৃষক উপস্থিতি থাকে।

ইফালে অনুষ্ঠানটিৰ মাজতে মাংগলিক কাৰ্যসূচীৰে দেৱ কুমাৰ বৰাই ফিটা কাটি প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে। কেন্দ্ৰটিত অসম কৃষি বিশ্ববিদ্যালয়ৰ গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি ২০২৪ নগাঁও কেন্দ্ৰৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা ভূমি বিজ্ঞান বিভাগ, উদ্যান শস্য বিভাগ, শস্য বিজ্ঞান বিভাগ, উদ্ভিদ ৰোগ বিভাগ, মিলেট খেতি, পতংগ তত্ব বিভাগ, থলুৱা প্ৰযুক্তিগত পদ্ধতি বিভাগ, কৃষি বতৰ বিজ্ঞান বিভাগ, গ্ৰাম্য অৰ্থনীতি আৰু কৃষি সম্প্ৰসাৰণ বিভাগ, কৃষি প্ৰযুক্তি তথ্য কেন্দ্ৰ, মীন পালন বিভাগ, পশু পালন বিভাগৰ উপৰিও কৃষি ভূমিৰ আদৰ্শ বাৰী পদ্ধতিৰ এখনি আকৰ্ষণীয় প্ৰদৰ্শনীও অনুষ্ঠিত হয়।

অনুষ্ঠানটিতে গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি ২০২৪ নগাঁও কেন্দ্ৰৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা প্ৰকাশিত 'সৃজন' শীৰ্ষক স্মৰণিকা আৰু "বান্দৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা", "অয়ষ্টাৰ কাঠফুলা খেতি পদ্ধতিৰ ক্ৰমবৰ্ধমান আকৰ্ষণ আৰু জনপ্ৰিয়তাৰ অন্বেষণ" দুখন কৃষকৰ প্ৰয়োজনীয় হাত পুথি উন্মোচন কৰা হয়।

সুধাকণ্ঠ ভূপেন হাজৰিকাৰ "জিলিকাব লুইতৰে পাৰ" শীৰ্ষক গীতেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটিৰ শেষত শলাগৰ শৰাই আগবঢ়ায় গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি ২০২৪ৰ তত্বাৱধায়ক তথা কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ কৃষি অৰ্থনীতি বিভাগৰ বিষয়বস্তু বিশেষজ্ঞা ড০ চিংকি বৰ্মনে।

Also Read: কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ সফলতা...

nagaon agriculture center of nagaon nagon agriculture