জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উপ-সংমণ্ডল বিষয়া অনুপ কুমাৰ দাসক বিদায় সম্বৰ্ধনা

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উপ-সংমণ্ডল বিষয়া অনুপ কুমাৰ দাসক বিদায় সম্বৰ্ধনা

author-image
Asomiya Pratidin
New Update
জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উপ-সংমণ্ডল বিষয়া অনুপ কুমাৰ দাসক বিদায় সম্বৰ্ধনা

ডিজিটেল সংবাদ,কঠীয়াতলী : নগাঁও জিলাৰ কঠীয়াতলী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উপ-সংমণ্ডল বিষয়া আৰু সহকাৰী কাৰ্যবাহী অভিযন্তা অনুপ কুমাৰ দাসৰ কৰ্মজীৱনৰ সফল সমাপ্তি হোৱা উপলক্ষে বৃহস্পতিবাৰে কঠীয়াতলী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয় প্ৰাংগণত ঠিকাদাৰসকলৰ উদ্যোগত বিপুল সম্বৰ্ধনা জনোৱা হয়। সুন্দৰ ব্যৱস্থাপনাৰে অনুষ্ঠিত সভাত সভাপতিত্ব কৰে জ্যেষ্ঠ ঠিকাদাৰ ভাৰত বৰাই।

Advertisment

সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে উজ্জ্বল বৰদলৈয়ে। আদৰণি অনুষ্ঠানৰ আঁত ধৰে ছৰিফুল ইছলাম ছিদ্দিকিয়ে। অনুষ্ঠানত ৩৭ বছৰে সেৱা আগবঢ়াই অহা বিদায়ী দাসক জাপি, শৰাই, গামোচা, গ্ৰন্থৰ টোপোলা আৰু ফুলৰ থোপাৰে সম্বৰ্ধনা জনায়।

উক্ত সভাতে ঠিকাদাৰ সন্থা, কঠীয়াতলী প্ৰেছ ক্লাৱৰ লগতে বিভিন্ন লোকে গামোচা, কিতাপৰ টোপোলাৰে দাসক সম্বৰ্ধনা জনায়। সকলো বক্তাই অনুপ কুমাৰ দাসৰ কৰ্মজীৱনৰ সফলতা দিশসমূহৰ বৰ্ণনা দাঙি ধৰাৰ লগতে দাসৰ আদৰ্শ আৰু প্ৰেৰণাৰে আগবাঢ়ি যোৱাৰ অংগীকাৰ কৰে।

Also Read: আজি বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা হোৱাৰ সম্ভাৱনা : সৰ্বানন্দ সোনোৱালো হ'ব পাৰে প্ৰাৰ্থী

assam public health Kathiyatali