আজি বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা হোৱাৰ সম্ভাৱনা : সৰ্বানন্দ সোনোৱালো হ'ব পাৰে প্ৰাৰ্থী

কাৰ্যকৰ্তাই বিচৰা ধৰণে প্ৰাৰ্থীৰ তালিকা হ'ব। এছ চি, এছ টিৰ মহিলা প্ৰাৰ্থীও থাকিব এই তালিকাত

author-image
Asomiya Pratidin
New Update
আজি বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা হোৱাৰ সম্ভাৱনা : সৰ্বানন্দ সোনোৱালো হ'ব পাৰে প্ৰাৰ্থী

ডিজিটেল ডেস্ক : সমাগত লোকসভা নিৰ্বাচনক লৈ যথেষ্ট ব্য়স্ত হৈ পৰিছে ৰাজ্যিক বিজেপি। ইতিমধ্যে মুখ্য়মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা,দলৰ সভাপতি ভৱেশ কলিতাসহ ৰাজ্যিক বিজেপি নেতৃবৃন্দই দিল্লীত অনুষ্ঠিত বিশেষ বৈঠকত ভাগ লৈছে।

Advertisment

শীঘ্ৰেই প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ঘোষণা হোৱাৰ পূৰ্ণ সম্ভাৱনাৰ কথা জানিব পৰা গৈছে। বিজেপিৰ ৰাষ্ট্ৰীয় নিৰ্বাচনী সমিতিৰ বৈঠকৰ পাচতে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিব পাৰে।

এই বৈঠকতে ছীল-মোহৰ লাগিব বিজেপিৰ প্ৰাৰ্থীৰ চূড়ান্ত তালিকাত। ইতিমধ্যে অসম বিজেপিৰ কোৰ কমিটিৰ প্ৰথম লানিৰ বৈঠক সম্পন্ন হৈছে। লগতে ৰাষ্ট্ৰীয় সমিতিৰ বৈঠকো সম্পন্ন হৈছে। এই বৈঠকত উপস্থিত থাকে ড০ হিমন্ত বিশ্ব শৰ্মা, ভৱেশ কলিতাকে ধৰি ৰাজ্যিক নেতৃত্ব।

জানিব পৰামতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল হ'ব পাৰে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী। অৱশ্যে কোন সমষ্টিৰ পৰা খেলিব এই সন্দৰ্ভত কোনো তথ্য আহি পৰা নাই। কিন্তু তেওঁ প্ৰাৰ্থী হোৱাৰ সম্ভৱানা নুই কৰিব নোৱাৰি। প্ৰথমে ৫টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰিব বুলি জানিব পৰা গৈছে।

আনহাতে কেন্দ্ৰীয় নিৰ্বাচন কমিটিৰ বৈঠকৰ পূৰ্বে পুনৰ মিলিত হ'ব অসম ৰাজ্যিক বিজেপিৰ নেতৃত্ব। সেই বৈঠকতে চূড়ান্ত হ'ব প্ৰাৰ্থীৰ তালিকা। ইয়াৰোপৰি এছ চি, এছ টিৰ মহিলা প্ৰাৰ্থীও থাকিব এই তালিকাত। কাৰ্যকৰ্তাই বিচৰা ধৰণে প্ৰাৰ্থীৰ তালিকা হ'ব বুলি জানিব পৰা গৈছে।

Also Read: সোণতলী আৰক্ষীৰ জালত প্রৱঞ্চকৰ গেং

loksabha election bjp