টিপামক বিশ্বৰ আকৰ্ষণীয় পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰাৰ পৰিকল্পনা মুখ্যমন্ত্ৰীৰ

টিপামক বিশ্বৰ আকৰ্ষণীয় পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰাৰ পৰিকল্পনা মুখ্যমন্ত্ৰীৰ

ডিজিটেল সংবাদ, নামৰূপঃ আহোমসকলৰ পৰম্পৰাগত আধ্যাত্মিক উৎসৱ মে ডাম মে ফী মঙলবাৰে নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত জয়পুৰ টিপামত বিস্তৃত কায্যসূচীৰে উদযাপন কৰা হয়। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত আয়োজিত মে ডাম মে ভি ফী উৎসৱত   মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকে।

তিপামৰ দেওশালী থানত মে ডাম মে ফীৰ পৰম্পৰাগত মূল পূজাত অংশ লয় মুখ্যমন্ত্ৰীয়ে। ইয়াৰ পিছতে মূল সভাত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে ৰাইজক উদ্দেশ্যি দিয়া ভাষণ প্ৰসংগত প্ৰথমেই টিপামৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যই দেখি অভিভূত হোৱা বুলি মন্তব্য কৰে। 

চাওঁ লুং চুকাফাৰ অসম আগমন প্ৰসংগ বৰ্ণনা কৰি সেই সময়ৰ সোণালী ইতিহাস স্মৰণ কৰে। আহোম সকলৰ  ৬০০ বছৰীয়া  ৰাজত্ব কালক স্মৰণ কৰি  পূৰ্বপুৰুষসকলক শ্ৰদ্ধাঞ্জলি জনাই মুখ্যমন্ত্ৰী য়ে লগতে বৰ অসমৰ সকলো জাতি উপজাতিক এই মে ডাম মে ফী য়ে একতাৰ দোলেৰে বান্ধি ৰাখিব বুলি প্ৰসংগত উল্লেখ কৰে।

অসমৰ পুৰণি কৃতিচিহ্নসমূহক জীয়াই ৰখাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও বক্তব্যত উল্লেখ কৰে। এই কৃতি চিহ্নসমূহৰ ভিতৰত চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰৰ বাবে ভাৰত চৰকাৰে চৰাইদেওক ৰাষ্ট্ৰৰ একমাত্ৰ মনোনয়ন হিচাপে ইউনেস্ক' লৈ প্ৰেৰণ কৰিছে বুলি উল্লেখ কৰে। 

চৰকাৰে বিধায়ক তৰংগ গগৈৰ সহযোগত টিপামক এখন সুন্দৰ পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰাৰ পৰিকল্পনা কৰা হৈছে বুলি প্ৰসংগত উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে । ইতিমধ্যে  টাই আহোম উন্নয়ন পৰিষদৰ প্ৰস্তাৱ মৰ্মে অসম চৰকাৰৰ উদ্যোগত টিপামতে স্বৰ্গদেউ চাওঁ লুং চুকাফাৰ প্ৰতিমূৰ্তি স্থাপনৰ সিদ্ধান্ত লোৱাৰ কথাও ভাষণত উল্লেখ কৰে ।

অনুষ্ঠানত সাংস্কৃতিক মন্ত্ৰী বিমল বৰা,ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, নাহৰকটিয়াৰ বিধায়ক তৰংগ গগৈ,  বিনোদ হাজৰিকা, চক্ৰধৰ গগৈ, দুলিয়াজনৰ তেৰছ গোৱালা, চাবুৱাৰ বিধায়ক পোনাকন বৰুৱা, অসম পেট্ৰকেমিকেলৰ অধ্যক্ষ বিকুল ডেকা, প্ৰমুখ্যে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আনহাতে নামৰূপতো টাই আহোম যুৱ পৰিষদ নামৰূপ আঞ্চলিক সমিতিৰ উদ্যোগত   নামৰূপত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী একত্ৰিত হৈ এইবছৰো দিন জোৰা কাৰ্যসূচী ৰে  মে ডাম মে ফী উদযাপন কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in