চচলত কৃতি ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান সম্পন্ন...

চচলত কৃতি ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান সম্পন্ন...

author-image
Asomiya Pratidin
New Update
চচলত কৃতি ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান সম্পন্ন...

চচলত কৃতি ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান সম্পন্ন...

ডিজিটেল সংবাদ বেবেজীয়া: চচল শতদল শাখা সাহিত্য সভাৰ উদ্যোগত ৰবীন্দ্ৰ নাথ দাস সভাগৃহত হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু আনুসাংগিক বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতাৰে উৰ্ত্তীণ হোৱা কৃতি ছাত্ৰ-ছাত্ৰীসকলৰ এক বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয় ৷ চচল শতদল শাখা সাহিত্য সভাৰ সভাপতি তথা সাহিত্যিক থানেশ্বৰ মালাকাৰৰ সভাপতিত্বত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানত মুখ্য অতিথি হিচাপে পশু চিকিৎসা বিভাগৰ গৱেষণা সঞ্চালক শিক্ষাবিদ ড° প্ৰবোধ বৰা আৰু বিশিষ্ট অতিথি হিচাপে ডিমৰীয়া মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ শিক্ষাবিদ ৰামৰচন ভৰালী উপস্থিত থাকে ৷

Advertisment

দুয়োগৰাকী শিক্ষাবিদে কৃতি ছাত্ৰ-ছাত্ৰীসকলক ভৱিষ্যতে নিজৰ কেৰিয়াৰ গঢ়াৰ বাবে বহু কেইটা উল্লেখনীয় দিশ বিশ্লেষণ কৰি ভৱিষ্যতে যাতে এজন সফল ব্যক্তি হিচাপে সমাজত এক সুকীয়া আসন দখল কৰিবলৈ সক্ষম হয় এই ক্ষেত্ৰত বহু কেইটা উল্লেখনীয় দিশ বিশ্লেষণ কৰি ছাত্ৰ-ছাত্ৰীসকলক মোহাচ্ছন্ন কৰি তুলে।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হোৱা অলিস্মিতা মজুমদাৰ, অভিলাষা বৰ্মন, দিব্যান জ্যোতি বৰা, ভাৰ্গৱ শৰ্মা, নয়নমণি হালৈ, ঋষভ বৰা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত কৃতিত্ব লাভ কৰা শতাব্দী টেৰণপি, কৃষ্টি কংকনা তালুকদাৰ, ৰীধিকা ভৰদ্বাজ, অংশুমান কাকতি, হীৰকজ্যোতি কাকতি, জুমন চন্দ্ৰ বৰ্মন, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃত বিষয়ত পি এইচ ডি ডিগ্ৰী লাভ কৰা কৰ্ষিকা মহন্ত, এচিয়ান ইনষ্টিটিউটত অৱ টেকনলজিৰ পৰা সুখ্যাতিৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা উদ্বীপ্ত হাজৰিকা, চেইন্ট জেভিয়াৰ্ছ বিশ্ববিদ্যালয় ভূৱনেশ্বৰৰ পৰা সোণৰ পদকেৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা খ্যাতি কাশ্যপ আৰু নেপালত অনুষ্ঠিত দশম আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপৰ কৃতি খেলুৱৈ কণমানি নিৰ্ভয় ভৰদ্বাজক ফুলাম গামোচা, মানপত্ৰ আৰু কিতাপৰ টোপোলাৰে বিশেষ অভিনন্দন জ্ঞাপন কৰা হয় ৷

বিশিষ্ট অনাতাঁৰ শিল্পী প্ৰণতি বৰুৱাৰ সৰস্বতী বন্দনাৰে আৰম্ভ হোৱা অভিনন্দন অনুষ্ঠানত কৃতি ছাত্ৰ-ছাত্ৰী যথাক্ৰমে ঋষভ বৰা আৰু কৃষ্টি কংকনা তালুকদাৰৰ সুমধুৰ সংগীতে উপস্থিত সকলোকে আপ্লুত কৰে। শাখা সভাৰ সম্পাদক ড° কমল চৌধুৰীয়ে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত মহানগৰ জিলা সাহিত্য সভাৰ উপ-সভাপতি হৰেশ্বৰ ডেকা, শাখা সভাৰ প্ৰাক্তন সভাপতি লোহিত হাজৰিকা আৰু প্ৰাক্তন উপায়ুক্ত ভূপেন্দ্ৰ চন্দ্ৰ দাসৰ লগতে শাখা সভাৰ কৰ্মকৰ্তা, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক-অভিভাৱিকাৰ সহিতে শতাধিক ব্যক্তি উপস্থিত থাকে বুলি শাখা সভাৰ প্ৰচাৰ সম্পাদক ধনঞ্জয় তালুকদাৰে জানিবলৈ দিয়ে ৷

Also Read: চতিয়া-ইটাখোলা আৰক্ষীৰ অভিযানত নিষিদ্ধ দ্ৰব্যসহ দুই সৰবাৰহকাৰী আটক

বেবজীয়া