/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/808ddb19-f698-4247-8385-ae64cef09aaa/sotea_1.jpg)
চতিয়া-ইটাখোলা আৰক্ষীৰ অভিযানত নিষিদ্ধ দ্ৰব্যসহ দুই সৰবাৰহকাৰী আটক
ডিজিটেল সংবাদ জামগুৰিহাটঃ চতিয়াৰ ইটাখোলাত আজি বৃহৎ পৰিমাণৰ ড্ৰাগছৰ সৈতে দুই সৰবৰাহকাৰীক আটক কৰিছে আৰক্ষীয়ে। আটকাধীন দুই ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে মিৰাজুল ইছলাম(১৯) আৰু ৰফিকুল ইছলাম(১৮)।
জানিব পৰা মতে অপৰাধ অনুসন্ধান শাখাৰ উপ-আৰক্ষী অধীক্ষক অমিত কুমাৰ হোজাইৰ নেতৃত্বত ইটাখোলা আৰু চতিয়া আৰক্ষীৰ দলে বিশেষ সূত্ৰৰ পম খেদি এক অভিযান চলাইছিল। এই অভিযানতে দিকৰাই চাহ বাগিছাৰ ফেক্টৰীৰ সমীপত এখন বাইকত তিনিটাকৈ চাবোনৰ কেছত ভৰাই অনা ৩৪ গ্ৰাম হেৰ'ইনখিনি জব্দ কৰাৰ লগতে দুই সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।
আৰক্ষীৰ দলটোৱে ইয়াৰোপৰি জব্দ কৰিছে দুই সৰবৰাহকাৰীয়ে ব্যৱহাৰ কৰা AS-12-AE-5937 নম্বৰৰ TVS কোম্পানীৰ আপাচি বাইকখনো। আটক হোৱা দুই সৰবৰাহকাৰীৰ ঘৰ ইটাখোলাৰ দিপাকোচাৰ আহুবাৰীত বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে অধিক তথ্যৰ বাবে দুই সৰবৰাহকাৰীক জেৰা চলাই আছে।
Also Read: ৰহাত নতুন ফৌজদাৰী আইন সন্দৰ্ভত আলোচনা আৰু সজাগতা সভা সম্পন্ন