/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/8d1db9bf-e097-4739-94de-a275bce24362/ae647185_fbb4_475a_b76e_f06ad8b7994b.jpg)
সামাজিক-সাংস্কৃতিক সংগঠন "সহোদৰ"ৰ উদ্যোগত "সহোদৰ শৈক্ষিক বঁটা -২০২৪" প্ৰদান অনুষ্ঠান
ডিজিটেল সংবাদ,বটদ্ৰৱা : নগাঁও জিলাৰ সামাজিক-সাংস্কৃতিক সংগঠন "সহোদৰ"ৰ উদ্যোগত বিগত বৰ্ষসমূহৰ দৰে দেওবাৰে বটদ্ৰৱাৰ সমীপৱৰ্তী আইভেটি গাঁও পঞ্চায়তৰ সভাগৃহত এক গাম্ভীৰ্য্য পূৰ্ণ অনুষ্ঠানৰ মাজেৰে "সহোদৰ শৈক্ষিক বঁটা -২০২৪" প্ৰদান কৰা হয়। অঞ্চলৰ বয়োজেষ্ঠ শিল্পী মানিক কলিতাই বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা অনুষ্ঠানটিৰ আৰম্ভণিতে কণমানি শিল্পী হিয়াশ্ৰী বৰাই বৰগীত পৰিৱেশন কৰে।
ৰাইডঙীয়া সৌৰভ শাখা সাহিত্য সভাৰ সভাপতি দিলীপ বৰাই সভাখনি সঞ্চালনা কৰে। সভাত মানৱ অধিকাৰ কৰ্মী লাচিত বৰদলৈ, ৰেনেচা কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ বিচিত্ৰ নাৰায়ণ শইকীয়া, আনন্দ ৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক প্ৰাঞ্জল হাজৰিকা আদি উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে।
সভাত এইবৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টাৰ মাৰ্কসহ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰ -ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰে। লগতে আইলহ্মী আঞ্চলিক আত্মানন্দদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ মেধাৱী ছাত্ৰী হর্ষিতা কলিতাক এইবৰ্ষৰ "সহোদৰ শৈক্ষিক বঁটা - ২০২৪" প্ৰদান কৰে। সভাত উপস্থিত বক্তাসকলে শিক্ষাৰ্থীৰ ভবিষ্যত জীৱনৰ সহায়ক হোৱাকৈ নিজৰ বহুমূলীয়া ভাষণ প্ৰদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/6e3bc80a-c17e-4360-b126-b0fe8adf26ee/cda9c8ae-205d-4d84-b4c0-9165cde9ff6c.jpg)
উক্ত সভাত বটদ্ৰৱা মহাবিদ্যাল়য়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড০ প্ৰাঞ্জলী মহন্ত, ৰাইডঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যাল়য়ৰ অধ্যক্ষ মুক্তি দাস, শংকৰ মাধৱ বিদ্যাপীঠৰ অধ্যক্ষ প্ৰসন্ন কলিতা উপস্থিত থাকে। ইয়াৰোপৰি সমাজকৰ্মী যতীন চন্দ্ৰ বৰা, সৌৰভ শাখা সাহিত্য সভাৰ সম্পাদক কবিন চন্দ্ৰ পাটৰ, বিশিষ্ট কবি শান্তনু বৰা,সমাজকৰ্মী প্ৰভাষ বৰা, আই আই টি গুৱাহাটীৰ গৱেষক ছাত্ৰ প্ৰাণজ্যোতি শইকীয়াৰ লগতে কৰি অঞ্চলটোৰ কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী, স্থানীয় ৰাইজ উপস্থিত থাকে।
Also Read: ওদালগুৰিত গোৰ্খা ছাত্ৰ সন্থাৰ সম্বৰ্দ্ধনা অনুষ্ঠানত 'প্ৰতিদিন টাইম'ৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us