ওদালগুৰিত গোৰ্খা ছাত্ৰ সন্থাৰ সম্বৰ্দ্ধনা অনুষ্ঠানত 'প্ৰতিদিন টাইম'ৰ মুখ্য সম্পাদক নিতুমণি শ‌ইকীয়া

সম্বৰ্ধিত ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকক উদ্দেশ্যি মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ গুৰুত্বপূৰ্ণ ভাষণ...

author-image
Asomiya Pratidin
New Update
ওদালগুৰিত গোৰ্খা ছাত্ৰ সন্থাৰ সম্বৰ্দ্ধনা অনুষ্ঠানত 'প্ৰতিদিন টাইম'ৰ মুখ্য সম্পাদক নিতুমণি শ‌ইকীয়া

গোৰ্খা ছাত্ৰ সন্থাৰ সম্বৰ্দ্ধনা অনুষ্ঠানত 'প্ৰতিদিন টাইম'ৰ মুখ্য সম্পাদক নিতুমণি শ‌ইকীয়া

ডিজিটেল সংবাদ, ওদালগুৰি : সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিৰ উদ্যোগত এখনি সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হৈ যায়। ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় সভাগৃহত স্বৰ্গীয় দীপক দাহাল স্মৃতি আদৰ্শ ছাত্ৰ পুৰস্কাৰ প্ৰদান আৰু কৃতি ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠানটি অনুষ্ঠিত হয়।

Advertisment

সম্বৰ্ধনা অনুষ্ঠানত ওদালগুৰি জিলাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮০ শতাংশ নম্বৰ লাভ কৰা ৩৪ জন, উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৪২ জন শিক্ষাৰ্থীক সম্বৰ্ধনা জ্ঞাপন কৰে। একেদৰে সদ্যঘোষিত নীট পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৫ জন, এম বি বি এছত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা গোলমাগাঁও নিৱাসী শ্ৰী পৰমিতা ছেত্ৰীকো জনোৱা হয় সম্বৰ্ধনা।

ইয়াৰোপৰি অসম লোকসেৱা আয়োগত স্থান লাভ কৰি বৰ্তমান ওদালগুৰিত Assistant Accountant Office ৰূপে কৰ্মৰত নবীন নিৰোলাকো উক্ত অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰে সংগঠনটোৱে। উল্লেখ্য যে প্ৰতি বছৰে জিলা সমিতিখনে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত জিলাৰ ভিতৰত সৰ্বাধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীক স্বৰ্গীয় দীপক দাহাল স্মৃতি আদৰ্শ ছাত্ৰ পুৰস্কাৰ প্ৰদান কৰি আহিছে। ২০২৪ শিক্ষাবৰ্ষৰ উক্ত পুৰস্কাৰ লাভ কৰিছিল ৰৌতা নিৱাসী মুকুন্দ শৰ্মা আৰু কল্পনা দেৱীৰ পুত্ৰ ৰূপম শৰ্মাই।

সম্বৰ্ধিত ছাত্ৰ-ছাত্ৰী
সম্বৰ্ধিত ছাত্ৰ-ছাত্ৰী

অনুষ্ঠানটিত মুখ্য অনুপ্ৰেৰক বক্তা হিচাপে উপস্থিত থাকে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক তথা সুবক্তা নিতুমনি শইকীয়া। শইকীয়াই কয়- "আজি আমাৰ সন্মুখত উপস্থিত হৈ সম্বৰ্দ্ধনা লাভ কৰা প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে যাতে ৰাজ্যখনৰ, সমাজখনৰ, জনগোষ্ঠীটোৰ বাবে সুযোগ্য সন্তান তথা দেশখনৰ ভৱিষ্যৎ হোৱা।

আজিৰ এই পৰিৱেশটোৱে তোমালোক প্ৰত্যেকৰে জীৱনত প্ৰভাৱ পেলাব। সেই কথা হয়টো আজি উপলব্ধি কৰিব নোৱাৰিব পাৰা। কিন্তু তুমি যেতিয়া তোমাৰ জীৱনৰ লক্ষ্যস্থানৰ ওচৰত উপস্থিত হ'বা, সিদিনাখনেই আজিৰ এই পৰিৱেশটোৰ গুৰুত্ব আৰু মহত্ব কিমান বেছি বুজি পাবা।

তোমাৰ কৃতিত্ব, তোমাৰ সাফল্যৰ বাবে আজি এনেকুৱা এটা অনুষ্ঠানত তোমালোক সম্বৰ্দ্ধিত হ'বলৈ পাইছা। জিলাখনৰ এক সম্পদ হিচাপে তোমালোকে আজি স্বীকৃতি পাইছা। যিটো স্বীকৃতি হ'ব তোমাৰ জীৱন উত্তোৰণৰ প্ৰথমটো ঢাপ।

এই প্ৰথমটো স্বীকৃতি যিসকল ছাত্ৰ-ছাত্ৰীয়ে নিজৰ মহত্বৰ কথা অনুধাৱন কৰিব, সেইসকল ছাত্ৰ-ছাত্ৰীয়ে জীৱনত ক'ৰবাত নহয় ক'ৰবাত এশ শতাংশ‌ই সফল হ'ব। পিতৃ-মাতৃৰে আগুৰি থকা বৃত্তটোৰ পৰা এতিয়া হয়টো তোমালোকে ওলাই গৈ বিভিন্ন পৰ্যায়ত আগুৱাই যাবা। কিন্তু মনত ৰাখিবা, এই সময়খিনি অত্যন্ত স্পৰ্শকাতৰ। গতিকে এইক্ষেত্ৰত অভিভাৱকসকলেও নিজৰ সন্তানক অন্তৰৰ পৰা বুজাই বঢ়াই পঠিয়াব লাগিব। লগতে ৰাখিব লাগিব নিজ সন্তানৰ ওপৰত নজৰ।"

অনুষ্ঠানত 'প্ৰতিদিন টাইম'ৰ মুখ্য সম্পাদক নিতুমণি শ‌ইকীয়া
অনুষ্ঠানত 'প্ৰতিদিন টাইম'ৰ মুখ্য সম্পাদক নিতুমণি শ‌ইকীয়া

ইয়োপৰি নিতুমণি শ‌ইকীয়াই শিক্ষাৰ্থী আৰু অভিভাৱকসকলক উদ্দেশ্যিও ভাষণ প্ৰদান কৰে। আজিৰ এই বিশেষ সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি সঞ্জীৱ চৌহান।

উপস্থিত থাকে বি টি আৰ সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি পুৰ্ণ বিষ্ট, ওদালগুৰি জিলা সমিতিৰ সভাপতি ৰাম ছেত্ৰী, সাধাৰণ সম্পাদক কিশোৰ চিৰ্পালী, শিক্ষা সম্পাদক প্ৰণৱজ্যোতি শৰ্মাৰ লগতে কেন্দ্ৰীয় সমিতি, বি টি আৰ সমিতিৰ বিষয়ববীয়াসকল।

Also Read: আজি পৱিত্ৰ ঈদুজ্জোহা

pratidin time Nitumoni Saikia student gorkha Gorkha Students Union udalguri