/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-21.jpg)
ডিজিটেল ডেস্কঃ ৰাজ্যত অব্যাহত আছে চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান । শনিবাৰে নগাঁৱৰ বঢ়মপুৰত এছটিএফে চোৰাং চিকাৰীৰ বিৰুদ্ধে চলালে অভিযান । অভিযানত গঁড়ৰ খৰ্গসহ এটা চোৰাং চিকাৰীক আটক কৰা হৈছে ।
আটকাধীন চোৰাং চিকাৰীটোৰ নাম হৈছে ছাইদুল ইছলাম । ছাইদুল ইছলামে আন ৪ জনৰ সৈতে বিক্রীৰ বাবে আনিছিল খৰ্গটো । অভিযানৰ সম্ভেদ লাভ কৰি আন ৪জনে পলায়ন কৰে ।
ছাইদুলক লগত লৈ বাগৰিৰ কাঠপৰালৈ আনিছিল এছটিএফেএ । কিন্তু সুযোগ বুজি পলায়ন কৰে ছাইদুলে । ছাইদুলক বিচাৰি অব্যাহত আছে এছ টি এফৰ অভিযান ।
Also Read: জাপানৰ প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানত বিস্ফোৰণ, আটক এজনক...