মহানগৰীত কুৰিৰো অধিক শিশুৰ দ্বাৰা মঞ্চস্থ হ'ব "শালিকী আৰু বেজ"

গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ সমাপ্তি স্বৰূপে বুধবাৰে মঞ্চস্থ কৰা হ'ব এখনি নাট।

author-image
Asomiya Pratidin
New Update
মহানগৰীত কুৰিৰো অধিক শিশুৰ দ্বাৰা মঞ্চস্থ হ'ব "শালিকী আৰু বেজ"

ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ নাট শাখাৰ দ্বাৰা আয়োজন কৰা গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ সমাপ্তি স্বৰূপে বৃহস্পতিবাৰে মঞ্চস্থ কৰা হ'ব এখনি নাট। গুৱাহাটী জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এই নাটখনিৰ নাম হ'ল "শালিকী আৰু বেজ"। সন্ধিয়া ৬ বজাৰ পৰা মঞ্চস্থ হ'বলগীয়া এই নাটখনি কৰ্মশালাত অংশগ্ৰহণকাৰী শিশুসকলে মঞ্চস্থ কৰিব।

Advertisment

কৰ্মশালাৰ সমাপ্তি অনুষ্ঠান হিচাবে আয়োজন কৰা নাটখন ৰসৰাজ লক্ষীনাথ বেজবৰুৱাৰ এটি সাধুকথাৰ আধাৰত ৰচনা কৰিছে দিলীপ ফুকনে। নাটখনিৰ পৰিচালক হ'ল ভূপাল পাঠক। লোকসুৰৰ আধাৰত সজোৱা কেইবাটাও গীত নাটখনিত সংযোজিত হৈছে। গীতকেইটিৰ সংগীত পৰিচালনা মনদীপ মহন্তৰ। আনহাতে ভাল লগা কথাটো হ'ল যে, গীতকেইটিত শিশুসকলে নিজেই কণ্ঠদান কৰিছে।

উল্লেখ্য যোৱা ৬ৰ পৰা ২৫ জুলাইলৈ গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ নাট শাখাৰ দ্বাৰা আয়োজন কৰা হৈছিল এই নাট কৰ্মশালাখনিৰ। কৰ্মশালাত পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ৩৩ জন শিশুয়ে অংশগ্ৰহণ কৰে। অভিনয়, মঞ্চৰ বিভিন্ন দিশ, সংলাপ প্ৰক্ষেপণ আদিৰ লগতে কৰ্মশালাখনিত অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰতি অনুৰাগ বঢ়োৱাৰ উদ্দেশ্যেও কিছু কাৰ্যসূচী হাতত লয় উদ্যোগতাসকলে।

শিশুসকলে মঞ্চস্থ কৰিবলগীয়া এই নাটখনি উপভোগৰ বাবে সমূহ নাট্যপ্ৰেমী ৰাইজক আমন্ত্ৰণ জনাইছে উদ্যোগতাই। নাটখনি উপভোগৰ বাবে বিনামূলীয়া প্ৰৱেশৰ ব্যৱস্থা কৰা হৈছে।

Also Read: উমাকান্ত বৈৰাগী...

DRAMA workshop