শ্ৰীমন্ত শঙ্কৰদেৱ গৱেষণা প্ৰতিষ্ঠানত গ্ৰন্থ উন্মোচনী সভা

শ্ৰীমন্ত শঙ্কৰদেৱ গৱেষণা প্ৰতিষ্ঠানত গ্ৰন্থ উন্মোচন সভা

author-image
Asomiya Pratidin
New Update
শ্ৰীমন্ত শঙ্কৰদেৱ গৱেষণা প্ৰতিষ্ঠানত গ্ৰন্থ উন্মোচনী সভা

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানত বটদ্ৰৱাৰ এটি বৌদ্ধিক অনুষ্ঠান হৈছে "শ্ৰীমন্ত শঙ্কৰদেৱ গৱেষণা প্ৰতিষ্ঠান"। এই প্ৰতিষ্ঠানটোৰ বিশাল পুথিভঁৰালটোৰ দ্বায়িত্ব পালন কৰা প্ৰয়াত পদ্ম লোচন দেৱগোস্বামীয়ে তেখেতৰ কাৰ্যকালতে পুথিভঁৰালটোত সংৰক্ষিত সাঁচিপতীয়া পুথিবোৰ অধ্যয়ন কৰি, সেইবোৰত ব্যৱহাৰ হোৱা লিপিৰ প্ৰকৃতিৰ সম্যক ধাৰণা দিব পৰাকৈ প্ৰাচীন পুথিৰ লিপি বিষয়ক লিখনি কৰি থৈ গৈছিল। তেখেত পৰলোকপ্ৰাপ্তি ঘটিল যদিও তেখেতে যুগুতাই উলিওৱা আপুৰুগীয়া তথ্য সমূহ "প্ৰাচীন কাইথেলী লিপি সমূহৰ বৰ্ণ পৰিচয়" শীৰ্ষক কিতাপ আকাৰে প্ৰকাশ কৰি আজি উন্মোচন কৰা হয়।

Advertisment

তদুপলক্ষে বুধবাৰে বটদ্ৰৱা শ্ৰীমন্ত শঙ্কৰদেৱ গৱেষণা প্ৰতিষ্ঠানত অনুষ্ঠিত সভাত আৰম্ভণি ভাষণ প্ৰদান কৰি প্ৰতিষ্ঠানটোৰ উপসভাপতি অতুল মহন্তই "পূৰ্বৰ গ্ৰন্থাগাৰিক শ্ৰদ্ধাৰ পদ্ম লোচন দেৱগোস্বামীৰ দীৰ্ঘদিনৰ আগ্ৰহৰ পৰিণতিত আজি এই গ্ৰন্থ খনিৰ প্ৰকাশ কৰা হৈছে।" বুলি মত প্ৰকাশ কৰে। সভাত সভাপতিত্ব কৰি শঙ্কৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ সভাপতি তথা বৈঞ্চব পণ্ডিত, গৱেষক ড০ নৰেন কলিতাই "পুথিখনত অসমীয়া লিপিৰ বিবৰ্তনৰ ধাৰাবোৰ চিনাকি কৰি দিয়াৰ প্ৰয়াস কৰা নাই যদিও, লিপিৰ প্ৰকৃতিৰ ধাৰণা সুন্দৰকৈ সংযোজন কৰা হৈছে" বুলি ভাষন প্ৰদান কৰে।

গৱেষণা প্ৰতিষ্ঠানৰ উপসভাপতি দিলীপ দেৱ গোস্বামী, সম্পাদক ইন্দ্ৰমোহন বৰুৱা, সহকাৰী সম্পাদক তুৱাৰাম বৰুৱা, গিৰিশ বৰুৱাকে আদি কৰি সদস্যবৃন্দ, বটদ্ৰৱা আলিপুখুৰী শাখা সাহিত্য সভাৰ সম্পাদক লক্ষ্যধৰ তালুকদাৰ, লেখিকা সবিতা বৰাকে আদি কৰি কেইবাগৰাকী লোকৰ উপস্থিতিত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত প্ৰয়াত পদ্ম লোচন দেৱগোস্বামীৰ ভাৰ্য্যা সাবিত্ৰী সাবিত্ৰী গোস্বামীৰ হাতেৰে "প্ৰাচীন কাইথেলী লিপি সমূহৰ বৰ্ণ পৰিচয়" শীৰ্ষক গ্ৰন্থ খনি উন্মোচন কৰা হয়। অনুষ্ঠানতে শ্ৰীমন্ত শঙ্কৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ নিয়মাৱলী শীৰ্ষক এখনি পুস্তিকাও উন্মোচন কৰা হয়।

Also Read: জাগীৰোডৰ ছেমিকণ্ডাক্টৰ চৌহদৰ ভিতৰত হ’ব দক্ষতা বিকাশ কেন্দ্ৰ

batadrava srimanta sankardev research centre