জাগীৰোডৰ ছেমিকণ্ডাক্টৰ চৌহদৰ ভিতৰত হ’ব দক্ষতা বিকাশ কেন্দ্ৰ

জাগীৰোডৰ ছেমিকণ্ডাক্টৰ চৌহদৰ ভিতৰত হ’ব দক্ষতা বিকাশ কেন্দ্ৰ

author-image
Asomiya Pratidin
New Update
জাগীৰোডৰ ছেমিকণ্ডাক্টৰ চৌহদৰ ভিতৰত হ’ব দক্ষতা বিকাশ কেন্দ্ৰ

ডিজিটেল সংবাদ, জাগীৰোডঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বুধাবাৰে টাটা নেতৃত্বৰ সৈতে আলোচনাৰ সময়ত জাগীৰোডৰ ছেমিকণ্ডাক্টৰ চৌহদৰ ভিতৰত এক দক্ষতা বিকাশ কেন্দ্ৰ গঢ়ি তুলিবলৈ সন্মতি প্ৰকাশ কৰে। এই কেন্দ্ৰই উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকলক কৃত্ৰিম বুদ্ধিমত্তা, ছেমিকণ্ডাক্টৰ আৰু ইলেক্ট্ৰনিকছৰ পাঠ্যক্ৰম আগবঢ়াই শক্তিশালী কৰিব আৰু তেওঁলোকক জাগীৰোড গোটত নিয়োগ সুৰক্ষিত কৰাত সহায় কৰিব।

Advertisment

ইতিমধ্যে অসমৰ যুৱপ্ৰজন্মৰ ১৫০০ প্ৰতিনিধিত্বকাৰীয়ে মুখ্যতঃ মহিলাসকলে, বেংগালুৰু আৰু ইয়াৰ আশে-পাশে টাটাৰ অধীনত থকা কেন্দ্ৰসমূহত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। ২০২৫ চনত ছেমিকণ্ডাক্টৰ সুবিধা কাৰ্যকৰী হোৱাৰ পাছত ইয়ে তেওঁলোকক নেতৃত্বৰ স্থিতিত ৰাখিব।

অসমত ঔদ্যোগীকৰণৰ দিশত এক ইতিহাস সৃষ্টি কৰা টাটা গ্ৰুপৰ দ্বাৰা ২৭০০০ কোটি টকাৰ বৃহৎ বিনিয়োগে ছেমিকণ্ডাক্টৰৰ ক্ষেত্ৰত বিশ্বৰ মানচিত্ৰত অসমক এক সুকীয়া স্থান দিব আৰু উত্তৰ-পূব ভাৰতক অৰ্থনৈতিক দিশত বিশেষ মান্যতা প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰে।

আজি মুম্বাইত ৰতন টাটা, এন চন্দ্ৰশেখৰনক জাগীৰোডৰ বৃহৎ বিনিয়োগেৰে অসমক বিশ্বৰ ছেমিকণ্ডাক্টৰৰ মানচিত্ৰত স্থান দিয়াৰ বাবে সমগ্ৰ ৰাজ্যৰ হৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ধন্যবাদ জনাবলৈ পাই আনন্দিত হোৱা বুলি প্ৰকাশ কৰে।

Also Read: বিজেপিত যোগদান তেলেংগানাৰ প্ৰাক্তন ৰাজ্যপালৰ...

ratan tata himanta biswa sarma