/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/0612c72b-16cc-4b85-8f5c-1fbe0a591a2f/190.jpg)
ডিজিটেল সংবাদ,বেবেজীয়াঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ ব্যৱস্থাপনাত, বঢ়াৰপো আৰু শ্ৰীমন্ত শংকৰদেৱ আঞ্চলিক শাখাৰ আতিথ্যত কেন্দ্ৰীয় নাট সমাৰোহৰ আদৰণি সমিতি গঠনৰ ৰাজহুৱা সভাখন ১ নং গেদাৰবড়ি জুৰীয়া নামঘৰৰ প্ৰাংগণত বুধবাৰে অনুষ্ঠিত হয় । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আদৰণি সমিতি গঠনৰ উপলক্ষে আয়োজিত সভা উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই ।
উদ্বোধনী ভাষণত প্ৰধান সম্পাদকগৰাকীয়ে কয় যে মহাপুৰুষ গুৰুজনাই চিহ্নযাত্ৰাৰ জৰিয়তে সমাজখনক সাংস্কৃতিকভাৱে সু-সংগঠিত কৰিছিল। ব্ৰজাৱলী ভাষাক অংকীয়া ভাওনাৰযোগেদি জীয়াই ৰাখিব লাগিব ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/670d37f8-2448-48e8-a0b5-7dd80f8c771c/de4a1447_d15a_4184_bec3_9566923d14fc.jpg)
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ সম্পাদক বিপুল শইকীয়াই আঁত ধৰা সভাখনিত সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই কয়- নাটকৰ মাধ্যমেৰে গুৰুজনাই সমাজখন একত্ৰিত কৰি সমন্বয় গঢ়ি তুলিছিল । নাটকৰ যোগেদি অনাখৰী মানুহৰ মাজলৈ জ্ঞানৰ পোহৰ বিলাই প্ৰভূ শ্ৰীকৃষ্ণৰ মাহাত্ম্য প্ৰচাৰ কৰাই গুৰুজনাৰ মূল উদ্দেশ্য ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/e97ab162-8f84-438a-906f-1910d029dffe/e00f0f78_f2df_42ea_83c1_ec749eba9c6f.jpg)
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বাপ-বান্ধৱ, সংগীৰে উপচি থকা সভাখনিত সংঘৰ ভালেকেইগৰাকী ব্যক্তি উপস্থিত থকাৰ লগতে বক্তব্য প্ৰদান কৰে।
সভাত উপ-পদাধিকাৰ চক্ৰধৰ সোণোৱাল, সাংস্কৃতিক শাখাৰ সভাপতি পবিত্ৰ প্ৰাণ বৰা, সম্পাদক সঞ্জীৱ বৰুৱা, সংঘৰ যুটীয়া সম্পাদক দিলীপ বৰা, প্ৰাক্তন প্ৰধান সম্পাদক প্ৰফুল্ল বৰাই মহাপুৰুষ গুৰুজনাৰ সৃষ্ট অংকীয়া নাট সম্পৰ্কে বিভিন্ন দিশ আলোকপাত কৰি সাৱলীল ভাষণ আগবঢ়ায়। সভাত সংঘৰ নগাঁও জিলা শাখাৰ সভাপতি চেনাৰাম ডেকা, মূলৰ সদস্য নলিনী বৰা, সংঘৰ গ্ৰন্থ বিপণণ শাখাৰ সভাপতি জ্যোতিপ্ৰসাদ ভূঞা, মূলৰ সদস্য ক্ৰমে গোবিন চন্দ্ৰ দাস, শণিৰাম দাস, ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক শিক্ষাবিদ ৰাণা প্ৰকাশ বৰা, মিহিৰাম ভূঞা, বাসন্তী ভূঞা,মামণি বৰা বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/248971dc-3c82-4276-bc1c-0b47c8572abd/b0737ad3_dd85_40f4_b499_efb95acf777f.jpg)
উল্লেখযোগ্য যে আগন্তুক ১০, ১১, আৰু ১২ অক্টোবৰত ১ নং গেদাৰবড়ি জুৰীয়া নামঘৰৰ প্ৰাংগণত অনুষ্ঠিত হ'বলগীয়া কেন্দ্ৰীয় নাট সমাৰোহৰ বাবে নিৰ্মল শইকীয়াক সভাপতি, বিধায়ক শশীকান্ত দাসক কাৰ্যকৰী সভাপতি, দিলীপ হাজৰিকা আৰু আনন্দ বৰদলৈক উপ-সভাপতি, দৰ্শন মহন্তক সম্পাদক, পংকজ শইকীয়া আৰু কমল শইকীয়াক যুটীয়া সম্পাদক, সুব্ৰত শইকীয়া আৰু মাখন শইকীয়াক সহকাৰী সম্পাদক হিচাপে লৈ এখন শক্তিশালী আদৰণি সমিতি গঠন কৰা হয়।
Also Read: চেম্পিয়নছ ট্ৰফী খেলিবলৈ পাকিস্তানলৈ যাব ভাৰতীয় ক্ৰিকেট দলঃ পূৰণ হ'ব লাগিব মাত্ৰ এটা চৰ্ত...