সাৰ্বজনীন শ্ৰীশ্ৰী গোপাল কৃষ্ণ গৰখীয়া থানত কাতি বিহু, শ্ৰীমদ্ভাগৱত পাঠ অনুষ্ঠান..

বটদ্ৰৱাৰ শিঙিয়া দলনিৰ ৰাইজে পালন কৰিব সমূহীয়া টেঙা খোৱা পৰ্ব
সাৰ্বজনীন শ্ৰীশ্ৰী গোপাল কৃষ্ণ গৰখীয়া থানত কাতি বিহু, শ্ৰীমদ্ভাগৱত পাঠ অনুষ্ঠান..
সাৰ্বজনীন শ্ৰীশ্ৰী গোপাল কৃষ্ণ গৰখীয়া থানত কাতি বিহু, শ্ৰীমদ্ভাগৱত পাঠ অনুষ্ঠান..
Published on
Updated on

ডিজিটেল সংবাদ, বটদ্ৰৱা: বটদ্ৰৱাৰ সমীপৱৰ্তী শিঙিয়া দলনি সাৰ্বজনীন শ্ৰীশ্ৰী গোপাল কৃষ্ণ গৰখীয়া থানত১৭ অক্টোবৰৰ পৰা কাতি বিহু আৰু শ্ৰীমদ্ভাগৱত পাঠ শ্ৰৱণ, কীৰ্ত্তন অনুষ্ঠিত হ'ব। ১৭ অক্টোবৰত পুৱা পতাকা উত্তোলন, দুপৰীয়া নাম প্ৰসঙ্গ আৰু বিয়লি অঞ্চলৰ হেজাৰ হেজাৰ ৰাইজৰ উপস্থিতিত পৰম্পৰাগত টেঙা খোৱা পৰ্ব অনুষ্ঠিত হ'ব।

সন্ধিয়া নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ উপস্থিতিত আকাশ বন্তি প্ৰজ্বলন কৰা হ'ব। ১৮ অক্টোবৰৰ পুৱা গায়ন বায়ন, আইসকলৰ মংগল উৰুলিৰ মাজৰে ভাগৱত প্ৰতিষ্ঠা কৰা হ'ব।

পাছত ধৰ্মধ্বজা উত্তোলন, খোল প্ৰসঙ্গ, নাম প্ৰসঙ্গৰ পিছত ভাগৱত পাঠ আৰম্ভণি হ'ব। আনহাতে ২০ অক্টোবৰত সামৰণি দিনা নিমন্ত্ৰিত নামটি দলৰ দিহানাম পৰিবেশন কৰা হ'ব।

শিঙিয়া দলনি সাৰ্বজনীন শ্ৰী শ্ৰী গোপাল কৃষ্ণ গৰখীয়া থানৰ ভাগৱত পাঠৰ সকলো কাৰ্যসূচীত ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে ভাগৱত পাঠ পৰিচালনা সমিতিৰ সভাপতি বিপুল চন্দ্ৰ নাথ, উপ-সভাপতি দুলাল বৰা, সম্পাদক পুস্পেন্দ্ৰ নাথ আৰু সহকাৰী সম্পাদক বাবুলাল নাথে।

সাৰ্বজনীন শ্ৰীশ্ৰী গোপাল কৃষ্ণ গৰখীয়া থানত কাতি বিহু, শ্ৰীমদ্ভাগৱত পাঠ অনুষ্ঠান..
মাজুলীৰ বুকুত সৃষ্টি হ'ব অন্য এক বৃন্দাবনঃ আজিৰে পৰা আৰম্ভ ৰাসৰ আখৰা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in