মাজুলীৰ বুকুত সৃষ্টি হ'ব অন্য এক বৃন্দাবনঃ আজিৰে পৰা আৰম্ভ ৰাসৰ আখৰা...

আজি লক্ষীপূৰ্নিমা মাজুলীত আৰম্ভ ৰাসৰ নাট মেলা। মাজুলীত ৰাসলীলাৰ নাটমেলা পৰ্ব আৰম্ভ । এমাহলৈ লুইতৰ পাৰৰ গকুল বৃন্দাবনলৈ পৰ্যবেশিত হৱ মাজুলী ।।

author-image
Asomiya Pratidin
New Update
মাজুলীৰ বুকুত সৃষ্টি হ'ব অন্য এক বৃন্দাবনঃ আজিৰে পৰা আৰম্ভ ৰাসৰ আখৰা...

মাজুলীৰ বুকুত সৃষ্টি হ'ব অন্য এক বৃন্দাবনঃ আজিৰে পৰা আৰম্ভ ৰাসৰ আখৰা...

ডিজিটেল সংবাদ মাজুলীঃ শৰৎ মানে কি? শেৱালি, কহুৱা, শুকুলা আকাশ আৰু নিয়ৰ সেমাকা পদুলি অথবা শাৰদীয় দুৰ্গা পূজা! কবি, গল্পকাৰ, ঔপন্যাসিক অথবা ৰাজ্যৰ বাবে শৰৎ মানে স্বাভাৱিকতেই এই বোৰ বিষয়েই মনলৈ আহে যদিও নদী দ্বীপ মাজুলীবাসীৰ বাবে শৰৎ অনন্য আৰু পৃথক।

Advertisment

মাজুলীৰ বাবে শৰৎ মানেই কেৱল ৰাস আৰু পালনাম। আজি লক্ষ্মী পূজা। কাতি মাহৰ পূৰ্ণিমা তিথি। সমগ্ৰ মাজুলীৰসমূহ সত্ৰৰ লগতে অৰ্ধশতাধিক মঞ্চত আজি লক্ষ্মী পূজাৰ এই পৱিত্ৰ ক্ষণতে পৰম্পৰাগত ভাৱে পৰৱৰ্তী ৰাসপূৰ্ণিমা তিথিত অনুষ্ঠিত হ'ব লগা শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আখৰা তথা 'নাট মেলা পৰ্ব' মাংগলিক বিধি অনুসৰি অনুষ্ঠিত কৰা হ'য়।

শাৰদীয় মুখ্য উৎসৱ হিচাপে শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা উদযাপন কৰে মাজুলীত। আজিৰ পৰা অনাগত এমাহৰ বাবে সমগ্ৰ মাজুলী পৰ্যৱেশীত হ'ব লুইতৰ পাৰৰ বৃন্দাবনলৈ। গীত-মাতে, খোলে-তালে চলি থাকিব কৃষ্ণলীলা মহাৰাসৰ আখৰা।

শৰতৰ চন্দ্ৰৱলী ৰাতি হ'ব অতি বিতোপন। বাঁহীৰ মাত শুনি ঘৰৰ কাম বন একাষৰীয়া কৰি সকলো ঢপলিয়াই আহিব ৰাসৰ আখৰালৈ। দুপৰ নিশালৈকে চলিব আখৰা । মাজুলী গড়মূৰ সত্ৰৰ বংশীগোপাল প্ৰেক্ষাগৃহতো নাটমেলা পৰ্ব আৰম্ভ হৈছে।

আজিৰ পৰা এশবছৰ বছৰৰ পূৰ্বে স্বাধীনতা সংগ্ৰামী সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীয়ে মুকলি মঞ্চ নিৰ্মাণ কৰি মহিলাই অভিনয় কৰিব পৰা ব্যৱস্থা কৰিছিল আৰু তাকেই আৰ্দশ হিচাপে লৈ অৰ্ধশতাধিক মঞ্চ ৰাস উদযাপান কৰে। ৰাসৰ আগমণৰ লগে লগে ব্যস্ততা বাঢ়িব ৰাসৰ লগত জড়িত প্ৰতিগৰাকী শিল্পীৰ পৰা মুখা শিল্পীলৈ, আয়োজকৰ পৰা ৰাসমেলাৰ খুচুৰা ব্যৱসায়ীলৈ।

এনে ব্যস্ততাৰ শেষত ১৫, ১৬ আৰু ১৭ নৱেম্বৰত অনুষ্ঠিত হ'ব ৰাসোৎসৱ। ২৬ শতাধিক শিল্পী, কলা, কুশলীৰ লগতে পৰোক্ষ প্ৰত্যক্ষভাৱে মাজুলীৰ ৰাইজ ব্যস্ত হ'ব ৰাসত। ঐতিহাসিক আউনীআটী দক্ষিনপাট, চামগুৰি সত্ৰই ৰাস পূজা কৰাৰ লগতে উত্তৰ কমলাবাৰী সত্ৰই শংকৰদেৱৰ অমৰ সৃষ্টি কেলিগোপালৰ আধাৰত ৰাস উদযাপন কৰিব।

উত্তৰ কমলাবাৰী সত্ৰই মাজুলীলৈ অহা সকলো ভক্ত দৰ্শনাৰ্থীৰ বাবে থকা, খোৱাৰো সুব্যৱস্থা কৰি আহিছে। আনন্দ উৎসৱেৰে লোকাৰণ্য হৈ পৰিব সমগ্ৰ মাজুলী।

Also Read: কোন হ'ব বিজেপিৰ পৰৱৰ্তী সভাপতি? ৪ জনীয়া কমিটী গঠন শাসকীয় দলৰ...

লক্ষ্মী পূজা ৰাস