নগাঁও জিলা আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ বিশেষ তত্বাৱধায়ক বিষয়াৰ বিয়োগ

নগাঁও জিলা আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ বিশেষ তত্বাৱধায়ক বিষয়াৰ বিয়োগ

ডিজিটেল সংবাদ,নগাঁও : নগাঁও জিলা আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ বিশেষ তত্বাৱধায়ক বিষয়াৰ মৃত্যু । আকস্মিকভাৱে আৰক্ষী বিষয়া আবু ছাদ্দিক মহম্মদ তাহাৰৰ মৃত্যুত শোকৰ ছাঁ পৰিছে নগাঁও আৰক্ষীৰ মাজত ।

নগাঁৱৰ বাসভৱনত মঙ্গলবাৰে সন্ধিয়া হৃদৰোগত আক্ৰান্ত হৈ অকাল মৃত্যুক আঁকোৱালি লয় । অসম চৰকাৰৰ পৰা বিশিষ্ট সেৱা পদক লাভ কৰা আবু ছাদ্দিক মহম্মদ তাহাৰে অৱসৰৰ পিছত বিশেষ তত্বাৱধায়ক বিষয়া হিচাপে কৰ্তব্য পালন কৰি আহিছিল ।

বিষয়াজনৰ মৃত্যুৰ পিছতে নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে । মৃত্যৰ সময়ত বিষয়াগৰাকীয়ে পত্নী,দুই পুত্ৰক ইহসংসাৰত এৰি থৈ গৈছে ।

নগাঁও জিলা আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ বিশেষ তত্বাৱধায়ক বিষয়াৰ বিয়োগ
মথুৰাপুৰত বিষাক্ত কাঠফুলা ভক্ষণ কৰি মহিলাৰ মৃত্যু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in