APSCত উজলিল বটদ্ৰৱাৰ ৰং মিস্ত্ৰীৰ সন্তান ৰূপজ্যোতি নাথ

APSCত উজলিল বটদ্ৰৱাৰ ৰং মিস্ত্ৰীৰ সন্তান ৰূপজ্যোতি নাথ

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱাৰ ভোমোৰাগুৰি গাঁৱত উৎসৱ মুখৰ পৰিবেশ। ঢোলে দগৰে আদৰি আনিলে APSC উত্তীৰ্ণ ৰূপজ্যোতি নাথক। ভোমোৰাগুৰি গাঁৱৰ ৰং মিস্ত্ৰি হিচাপে কাম কৰি জীৱন নিৰ্বাহ কৰা দুখীয়া পিতৃ ৰজনী কান্ত নাথ, মাতৃ সবিতা দেৱীৰ পুত্ৰই অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিলে। সদ্য ঘোষণা কৰা অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ ASSAM ACCOUNT SERVICE ত স্থান লাভ কৰে ভোমোৰাগুৰি গাঁৱৰ ৰূপজ্যোতি নাথে।

উল্লেখযোগ্য যে, পিছপৰা অঞ্চলটো তথা ভোমোৰাগুৰি গাঁৱৰ পৰা প্ৰথমবাৰৰ বাবে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিছে ৰূপজ্যোতিয়ে। যাৰ বাবে আজি ভোমোৰাগুৰি গাঁৱৰ ৰাইজে ঢোলে দগৰে আদৰি আনি সমগ্ৰ গাঁও পৰিভ্ৰমণ কৰি শোভাযাত্ৰা কৰে।

লগতে অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানেও আহি ৰূপজ্যোতিক আদৰণি জনাইছে। ৰং মিস্ত্ৰি হিচাপে কাম কৰি জীৱন নিৰ্বাহ কৰা দুখীয়া পিতৃয়েও এয়া ৰাইজ আৰু ঈশ্বৰৰ আশীৰ্বাদ বুলি মন্তব্য কৰে। ৰূপজ্যোতিয়েও নিজৰ সফলতাৰ বাবে পিতৃ মাতৃৰ অশেষ কষ্টৰ ফল বুলি প্ৰকাশ কৰে।

APSCত উজলিল বটদ্ৰৱাৰ ৰং মিস্ত্ৰীৰ সন্তান ৰূপজ্যোতি নাথ
তামুলপুৰত অসম সাহিত্য সভা শাখা সমিতিৰ শিলান্যাস প্ৰমোদ বড়োৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in