তামুলপুৰত অসম সাহিত্য সভা শাখা সমিতিৰ শিলান্যাস প্ৰমোদ বড়োৰ

তামুলপুৰত অসম সাহিত্য সভা  শাখা সমিতিৰ শিলান্যাস প্ৰমোদ বড়োৰ

ডিজিটেল সংবাদ, তামুলপুৰঃ তামুলপুৰ জিলা সদৰত নিৰ্মাণ হ'বলগীয়া অসম সাহিত্য সভা তামুলপুৰ শাখা সমিতিৰ কাৰ্য্যালয় ভৱনটোৰ আজি এক মাংগলিক পৰিবেশত শিলান্যাস কৰা হয়। কাৰ্য্যালয় ভৱনটোৰ শিলান্যাস কৰে বিটিআৰৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োৱে।

প্ৰমোদ বড়োৱে কয় যে, আজি মই অতি আনন্দিত হৈছো। সকলোৰে উপস্থিতিত অসম সাহিত্য সভাৰ তামুলপুৰ শাখা সাহিত্য সভাৰ কাৰ্যালয় আধাৰশিলা স্থাপন কৰিলোঁ ৷ ভাষা সংস্কৃতিক বাদ দি কেতিয়াও এটা জাতি আগবাঢ়ি যাব নোৱাৰে ৷ সেইকাৰণে অসমীয়াৰ জাতি যি উত্তৰণৰ বাবে যি খিনি জনগোষ্ঠীটোৰ সাংস্কৃতিক দিশ তাক সাহিত্যৰ দ্বাৰাই সংৰক্ষিত কৰা হৈছে ৷ সেয়ে তামুলপুৰ শাখা সাহিত্য সভাৰ কাৰ্যলয়ৰ পৰা তামুলপুৰত জাতিটোৰ ভাষা সাহিত্যৰ উত্তৰণৰ হকে কাম কৰি যোৱাৰ আশা কৰিলোঁ বুলি মত প্ৰকাশ কৰে ।

উক্ত অনুষ্ঠানত শাখা সাহিত্য সভাৰ সভাপতি উমেশ দাস, সম্পাদক গনেশ ৰাভা প্ৰমুখ্যে জ্যেষ্ঠ নাগৰিক সকল উপস্থিত আছিল ৷

তামুলপুৰত অসম সাহিত্য সভা  শাখা সমিতিৰ শিলান্যাস প্ৰমোদ বড়োৰ
বিশিষ্ট সম্পাদক-সাংবাদিক ৰাধিকামোহন ভাগৱতীৰ ওপজাদিন উপলক্ষে 'ৰামধেনু আৰু অসমীয়া সাহিত্য' শীৰ্ষক বক্তৃতানুষ্ঠান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in