অৱসৰপ্ৰাপ্ত কাৰাগাৰ অধীক্ষক সমাজকৰ্মী মৃদুল কুমাৰ হাজৰিকাৰ মৃত্যু...

অৱসৰপ্ৰাপ্ত কাৰাগাৰ অধীক্ষক তথা বিশিষ্ট সমাজকৰ্মী, প্ৰাক্তন ছাত্ৰ নেতা মৃদুল কুমাৰ হাজৰিকাৰ মৃত্যু

author-image
Asomiya Pratidin
New Update
অৱসৰপ্ৰাপ্ত কাৰাগাৰ অধীক্ষক সমাজকৰ্মী মৃদুল কুমাৰ হাজৰিকাৰ মৃত্যু...

ডিজিটেল সংবাদ, নগাঁও : অৱসৰপ্ৰাপ্ত কাৰাগাৰ অধীক্ষক তথা বিশিষ্ট সমাজকৰ্মী, প্ৰাক্তন ছাত্ৰ নেতা মৃদুল কুমাৰ হাজৰিকাৰ (৬৩) শুকুৰবাৰে পুৱা মৃত্যু হয়। পুৱা নগাঁও চহৰৰ বিমলা বৰা পথৰ ভাড়াঘৰত অকস্মাত অসুস্থ হৈ পৰা হাজৰিকাক লগে লগে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। উল্লেখ্য যে, হাজৰিকাৰ ঘৰ নগাঁও চহৰৰ ফৌজদাৰীপট্টিত ।

Advertisment

নগাঁও আঞ্চলিক ছাত্র সন্থাৰ জৰিয়তে ছাত্র আন্দোলনৰ লগত জড়িত হৈ পৰা মৃদুল কুমাৰ হাজৰিকা পৰৱৰ্তী সময়ত সদৌ নগাঁও জিলা ছাত্র সন্থাৰ লগত সক্ৰিয়ভাৱে জড়িত হৈ পৰে। তেওঁ অসম আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল। ফৌজদাৰীপট্টিৰ নগাঁও কলা মন্দিৰৰ বিভিন্ন কাম-কাজৰ লগত জড়িত হাজৰিকা বিভিন্ন সামাজিক-সাংস্কৃতিক কাম কাজৰ ক্ষেত্ৰটো আগৰণুৱা আছিল। তেওঁ অসম চৰকাৰৰ কাৰাগাৰ বিভাগত সহকাৰী কাৰাপাল হিচাপে যোগদান কৰি পৰৱৰ্তী সময়ত কাৰাগাৰ অধীক্ষক পদলৈ পদোন্নতি লাভ কৰে।

সেই পদৰ পৰাই হাজৰিকাই তিনিবছৰ পূৰ্বে অৱসৰ গ্ৰহণ কৰে। অৱসৰ গ্ৰহণৰ পাছত হাজৰিকাই নগাঁৱৰ সমাজ জীৱনৰ লগত জড়িত হৈ সামাজিক-সাংস্কৃতিক কাম কাজত আগভাগ লৈছিল। সামাজিক মাধ্যমত সততে সক্ৰিয় হৈ থকা হাজৰিকা বৃহস্পতিবাৰৰ নিশালৈকে সামাজিক মাধ্যমত সক্ৰিয় হৈ থকা পৰিলক্ষিত হয়।

পুৱা আকস্মিক ভাৱে হাজৰিকাই মৃত্যুক আঁকোৱালি লোৱাত তেওঁৰ পৰিয়ালৰ লগতে বন্ধুমহল আৰু পৰিচিত ব্যক্তিসকল মৰ্মাহত হৈ পৰে। হাজৰিকাৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে গুণমুগ্ধ সকলে তেওঁৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নী ,পুত্ৰ, কন্যাক ইহ সংসাৰত এৰি থৈ যায়।

Also Read: উৎকত গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ সহজ উপায়...

social worker