ডিজিটেল সংবাদ, বঢ়মপুৰঃ নগাঁও জিলা মুক্তিযুঁজাৰু সন্মিলনৰ প্ৰাক্তন সম্পাদক তথা বৰ্তমানৰ উপ-সভাপতি, সমাজকৰ্মী তথা বঢ়মপুৰৰ নিকটৱৰ্তী ভেৰভেৰী বকুলতল নিবাসী বাবুল শইকীয়া (৭২)ৰ শনিবাৰে বিয়লি আকস্মিকভাবে দেহাৱসান ঘটে। জানিব পৰা মতে, পুৱাৰ ভাগৰে পৰা তেওঁ নগাঁও জিলা মুক্তিযুঁজাৰু সন্মিলনৰ কাৰ্যালয় মুক্তিযুঁজাৰু ভৱনত আগন্তুক স্বাধীনতা দিৱসৰ কাম-কাজত ব্যস্ত থকাৰ মাজতে বিয়লি প্ৰায় ৪ বজাত ভৱনৰ প্ৰস্ৰাৱগাৰলৈ যায় আৰু ক্ষন্তেক পাছতে তাতে তেওঁ হঠাৎ ঢলি পৰে।
লগে লগে তেওঁক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও ইতিমধ্যে মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে। নগাঁও শ্ৰীমন্ত শংকৰ মিছন, জ্যেষ্ঠ নাগৰিক সন্মিলনকে ধৰি বহু অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত থকা শইকীয়াৰ বিয়োগত নগাঁৱত শোকৰ ছাঁ পৰিছে। তেওঁৰ মৃত্যুত নগাঁও জিলা প্ৰশাসনৰ হৈ চামগুৰি ৰাজহ চক্ৰ বিষয়া সন্তোষ কুমাৰ নাথ, অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলনৰ সাধাৰণ সম্পাদক দ্বিজেন্দ্ৰ মোহন শৰ্মা, নগাঁও জিলা মুক্তিযুঁজাৰু সন্মিলনৰ সভাপতি যতীন্দ্ৰ নাথ হাজৰিকা, সম্পাদক নীলৰঞ্জন শৰ্মাকে ধৰি বহু ব্যক্তি, অনুষ্ঠান-প্ৰতিষ্ঠানৰ তৰফৰ পৰা শেষ শ্রদ্ধা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নী, এগৰাকী জীয়ৰী, দুজন পুত্রকে ধৰি বহু আত্মীয়-স্বজনক এৰি থৈ যায়। উল্লেখযোগ্য যে, কাইলৈ তেওঁৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব বুলি জানিব পৰা গৈছে।