/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/9ff0464e-fe44-4b60-9336-c02bb7c4bba5/ap_for_web_copy.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ১১২নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ পৰা বহু সংখ্যক গাঁও দূৰ-দূৰণিৰ নাওবৈছা বিধানসভা সমষ্টিৰসতে সংযুক্ত কৰাত ক্ষোভ-অসন্তুষ্টিৰ সীমা চৰিছে ঢকুৱাখনাত। সম্পূৰ্ণ ৰাজনৈতিক কুঅভিসন্ধি আৰু বিভাজনমুখী ৰাজনীতিৰে এই দুষ্কাৰ্য কৰি ঢকুৱাখনাৰ বিধায়ক নৱ দলে জড়িত থকাৰ অভিযোগ উত্থাপন কৰি শনিবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত হয় ঢকুৱাখনাত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/cbacb63b-9303-4cbf-b4cc-6f3a933d6e0d/7fab3e4b_9bcf_4bd0_a635_e2b08e05bddd.jpg)
প্ৰতাৰক বিধায়ক নৱ দলেৰ নিকৃষ্ট ৰাজনীতিৰ পৰিণতিত ঢকুৱাখনা সমষ্টিৰ সোৱণশিৰী পঞ্চায়তৰ প্ৰায় ৮খন ৱাৰ্ডৰ বহু কেইখন ৰাজহ গাঁও সুদূৰ পৰাহত প্ৰায় ১৩০ কিলোমিটাৰ আঁতৰৰ নাওবৈছা বিধান সভা সমষ্টিত অন্তৰ্ভুক্তি কৰি নৱ দলে অভীষ্ট সিদ্ধিত নমাৰ অভিযোগ ৰাজহুৱা ভাবে উত্থাপন কৰি পাতৃচুক চাৰিআলিত বিধায়ক নৱ দলেৰ পুত্তলিকা দাহ কৰে ক্ষুব্ধ ৰাইজে। সোৱণশিৰী পঞ্চায়তৰ বহু কেইখন গাঁওৰ ক্ষুব্ধ ৰাইজে স্বতঃস্ফূৰ্ত ভাবে ৰাজপথলৈ ওলাই আহি সাব্যস্ত কৰে এই গণ প্ৰতিবাদ।
কোনো কাৰণতে নাওবৈছা সমষ্টিত অন্তৰ্ভুক্ত নহয় সোৱণশিৰীৰ ৰাইজ, গণশত্ৰু নৱ দলে নিপাত যাওঁক, ঢকুৱাখনাৰ বিধায়ক নৱ দলে হুচিয়াৰ, সোৱণশিৰীৰ ৰাইজ নাযায় নাওবৈছালৈ, আমাক আমাৰ ৰাজনৈতিক অধিকাৰ ঘূৰাই দিয়ক, অসম চৰকাৰ হায় হায় আদি বহু উত্তাল শ্লোগান দি ৰাজপথ উত্তাল কৰি ৰাইজে বিধায়ক নৱ দলেৰ বিভাজনমুখী ৰাজনীতিৰ বাবেই সোৱণশিৰীৰ ৰাইজে ৪ টা বিধানসভা সমষ্টি পাৰ হৈ, ৪খন নদী পাৰহৈ নাওবৈছা বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত হোৱা বুলি কৈ এয়া মানি লোৱা নহব বুলি সকীয়াই দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/d792a261-7883-4942-8e2b-26cf48d03947/355c79dc_48bb_41b9_b78b_92a923feb88a.jpg)
প্ৰয়োজনৰ খাতিৰত অনাগত সকলো নিৰ্বাচন এই ৮টা ৱাৰ্ডৰ ভোটাৰ ৰাইজে বৰ্জন কৰিব বুলি সকীয়াই দি এনে নিকৃষ্ট ৰাজনীতি কৰাৰ বাবে নৱ দলেক ধিক্কাৰ দিয়ে ৰাইজে। দিনত এই ৰাজহুৱা প্ৰতিবাদ সাব্যস্ত কৰি সোৱণশিৰীবাসী ৰাইজে নিশালৈ জোৰ সমদল কাৰ্যসূচী সমগ্ৰ পঞ্চায়তত অনুষ্ঠিত কৰি এই চক্ৰান্তৰ বিৰুদ্ধে ঐক্যবদ্ধ প্ৰতিবাদ সাব্যস্ত কৰে। সোৱণশিৰীবাসীক পূৰ্বৰ ঢকুৱাখনা সমষ্টিলৈ উভতাই ননা পৰ্যন্ত এই ৰাজহুৱা প্ৰতিবাদ অব্যাহত থাকিব বুলি ৰাইজে সকীয়াই দি নৱ দলেক এনে ক্ষয়ংঙ্কৰী চক্ৰান্তৰ সমুচিত প্ৰত্যুত্তৰ পাবলৈ সাজু থকাৰ বাবে সকীয়াই দিছে।
Also Read: প্ৰসংগ- বিজেপি নেত্ৰীৰ আত্মহননঃ দলৰ পৰা বহিষ্কাৰ হ'ল অনুৰাগ চলিহা