কামপুৰৰ সৰবৰহী মহিলা তৰু মহন্তৰ বিয়োগ

কামপুৰৰ সৰবৰহী মহিলা তৰু মহন্তৰ বিয়োগ

ডিজিটেল সংবাদ, কামপুৰঃ কামপুৰ দেউৰী গাঁও অঞ্চলৰ বিশিষ্টা সমাজসেৱিকা, ধৰ্মপৰায়ন মহিলা তৰু মহন্ত(৮৩)ৰ দেওবাৰে পৰলোকপ্ৰাপ্তি ঘটে। দীৰ্ঘদিনৰ পৰা অসুস্থ হৈ থকা তৰু মহন্ত আছিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অন্যতম সাধক, প্ৰাক্তন সাংস্কৃতিক সম্পাদক তথা শিল্পী পেন্সনাৰ প্ৰয়াত গোলাপ মহন্তৰ সহধৰ্মিনী।

কামপুৰ অঞ্চলৰ বিভিন্ন সামাজিক কাম-কাজৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত থকা সৰবৰহী মহিলা তৰু মহন্তৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে যথেষ্ঠ সংখ্যক গুণমুগ্ধলোকে বাসগৃহত উপস্থিত হৈ অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰে। ধৰ্মপৰায়ন মহিলাগৰাকীৰ মৃত্যুত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কামপুৰ জিলা শাখাৰ সভাপতি মুনীন্দ্ৰ বৰা, সম্পাদক দিগেন বৰা, গ্ৰন্থ বিপনন শাখাৰ প্ৰাক্তন সম্পাদক বাবুল বৰা, কামপুৰ উন্নতি সাধিনী সভা, কামপুৰ প্ৰেছ ক্লাবকে আদি কৰি বহুকেইটা অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোকপ্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

মৃত্যুৰ সময়ত তৰু মহন্তই জ্যেষ্ঠ পুত্ৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় প্ৰাক্তন সাংস্কৃতিক সম্পাদক অলিম মহন্ত, শিক্ষক পুত্ৰ অতুল মহন্ত, কন্যা স্নিগ্ধা মহন্ত, জোৱাই প্ৰকাশ মহন্তকে আদি কৰি বহু আত্মীয় স্বজনক ইহসংসাৰত এৰি থৈ যায়।

কামপুৰৰ সৰবৰহী মহিলা তৰু মহন্তৰ বিয়োগ
সমাগত ধেমাজি জিলা দিৱসঃ দিৱসকলৈ জিলা আয়ুক্তৰ সংবাদমেল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in