সমাগত ধেমাজি জিলা দিৱসঃ দিৱসকলৈ জিলা আয়ুক্তৰ সংবাদমেল

সমাগত ধেমাজি জিলা দিৱসঃ দিৱসকলৈ জিলা আয়ুক্তৰ সংবাদমেল

ডিজিটেল সংবাদ, ধেমাজিঃ অহা ১ অক্টোবৰত হ'ব লগীয়া ধেমাজি জিলা দিৱসকলৈ জিলা প্ৰশাসনৰ হৈ জিলা আয়ুক্তই প্ৰস্তুতিৰ সম্পৰ্কে জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত শনিবাৰে এখনি সংবাদমেলৰ সম্বোধন কৰে ৷ সংবাদমেলৰ জৰিয়তে আয়ুক্ত অংকুৰ ভৰালীয়ে কয় যে- ১৯৮৯ চনৰ ১ অক্টোবৰত জিলা হিচাপে গঠন হোৱা ধেমাজি জিলাই ইতিমধ্যে ৩৫ বছৰত ভৰি দিছে ৷

জিলাখনৰ সৰ্বসাধাৰণ ৰাইজ, অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনৰ সকলোৱে মিলি ৩৫ সংখ্যক জিলা দিৱসটি অনুষ্ঠিত কৰিবলৈ আয়োজন কৰা হৈছে বুলি জিলা আয়ুক্তই সংবাদমেলত সদৰি কৰে ৷ এই দিৱসৰ উপলক্ষে ইতিমধ্যে জিলাখনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃ্ষ্টি সংস্কৃতিৰ এক সাংস্কৃতিক শোভাযাত্ৰা, ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৰচনা প্ৰতিযোগিতা, কুইজ, বিভিন্ন খেল-ধেমালিৰ প্ৰতিযোগিতাৰ উপৰি মাৰাথন দৌৰ, মহিলাসকলৰ বাইচাইকেল সমদল, জ্যেষ্ঠ নাগৰিকসকলৰ স্বাস্থ্য পৰীক্ষাৰ লগতে জিলাখনৰ কেইবা ঠাইতো বিনামূলীয়া ৰক্ত পৰীক্ষা আৰু ৰক্তদান শিবিৰো আয়োজন কৰা হৈছে ৷

ইয়াৰ উপৰি জিলাখনৰ বিভিন্ন দিশত পাৰদৰ্শিতা দেখুৱাই অহা বক্তিসকলৰ লগতে জিলা গঠনত আগভাগ লোৱা বৰেণ্য বক্তিসকলকো জিলা দিৱসতেই সম্বধৰ্না জনোৱা হ'ব বুলি জানিবলৈ দিয়ে ৷ ৩৫ সংখ্যক জিলা দিৱসৰ উপলক্ষে এখনি স্মৃতি গ্ৰন্থও প্ৰকাশৰ ব্যৱস্থা কৰা হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে অৱগত কৰে৷

ইফালে সংবাদমেলত উপস্থিত থকা জিলা উন্নয়ন আয়ুক্ত বিশ্বজিৎ ফুকন, জিলাৰ তিনি অতিৰিক্ত আয়ুক্ত ক্ৰমে- সঞ্জীৱ ফুকন, ঋতুপল্লৱ বৰুৱা আৰু সদৰ মহকুমাধিপতি নন্দিতা ৰয় গোহাঁইয়ে নিজৰ নিজৰ দায়িত্বত থকা কাৰ্যসূচীসমূহৰ অগ্ৰতি সম্পৰ্কে উল্লেখ কৰে ৷ সংবাদমেলত জিলা অতিৰিক্ত যাৱদ পেগু , অতিৰিক্ত সহকাৰী আয়ুক্ত প্ৰীতিৰেখা গগৈ উপৰি জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকলে উপস্থিত থাকে ৷

সমাগত ধেমাজি জিলা দিৱসঃ দিৱসকলৈ জিলা আয়ুক্তৰ সংবাদমেল
"পথাৰ আমাৰ বজাৰ আমাৰ" বাক্যক সাৰোগত পীতাম্বৰ শইকীয়াৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in