উৰিয়াগাঁৱৰ সমাজকৰ্মী মৃণাল বৰাৰ মৃত্যু

উৰিয়াগাঁৱৰ সমাজকৰ্মী মৃণাল বৰাৰ মৃত্যু

author-image
Asomiya Pratidin
New Update
উৰিয়াগাঁৱৰ সমাজকৰ্মী মৃণাল বৰাৰ মৃত্যু

ডিজিটেল সংবাদ,উৰিয়াগাঁও : নগাঁও জিলাৰ মাজ উৰিয়াগাঁও নিবাসী, উদীয়মান যুৱক মৃনাল বৰাৰ(৩৬) দেওবাৰে বিয়লি ৩.৩০ বজাত ডায়েবিটিছ ৰোগত আক্ৰান্ত হৈ অকালতে মৃত্যুক সাৱটি লবলগীয়া হয়। জানিব পৰা মতে নামাচাৰ্য,পাঠক গোপাল বৰাৰ একমাত্ৰ পুত্ৰ মৃনাল বৰাই নিজৰ পেহাকক কাকীত থবলৈ গৈছিল।

Advertisment

শনিবাৰে দুপৰীয়া যুৱকজন পেহাকৰ ঘৰতে হঠাৎ ডায়েবেটিচ বাঢ়ি যোৱাত আক্ৰান্ত হৈ শাৰীৰিকভাৱে অসুস্থ হৈ পৰে। লগে লগে যুৱকজনক সম্পৰ্কীয় লোকে নগাঁৱৰ ত্ৰিনয়ন হাস্পতালত ভৰ্তি কৰাই যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

বিভিন্ন সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থকা যুৱকজনৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। মৃত্যুৰ সময়ত তেওঁ পিতৃ, মাতৃ, জেঠাইয়েক, দুগৰাকী ভগ্নীসহ বহু আত্মীয় স্ৰজনক ইহ সংসাৰত এৰি থৈ যায়।

Also Read: মণিপুৰত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ

uriyagaon