পুৰণিগুদামৰ সমাজ কৰ্মী দিলীপ বৰাৰ মৃত্যু...

পুৰণিগুদামৰ সমাজ কৰ্মী দিলীপ বৰাৰ মৃত্যু...
পুৰণিগুদামৰ সমাজ কৰ্মী দিলীপ বৰাৰ মৃত্যু...

ডিজিটেল সংবাদ পুৰণিগুদামঃ নগাঁও জিলাৰ পুৰণিগুদাম চলচলি জলাহ গাঁৱৰ নিবাসী বিশিষ্ট সমাজকৰ্মী তথা জন স্বাস্থ্যকৰী বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দিলীপ বৰা(৬০)ৰ আজি বিয়লি প্ৰায় ৪ বজাত নিজা বাসভৱনত মৃত্যু হয়। কেইদিনমান ধৰি জণ্ডিছ ৰোগত ভুগি থকা দিলীপ বৰাৰ চিকিৎসা চলি আছিল যদিও আজি হঠাতে নিজা বাসগৃহতে মৃত্যুক সাৱটি লয়।

সমাজৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত থকা দিলীপ বৰাৰ মৃত্যুত জলাহগাঁৱত গভীৰ শোকৰ ছাঁ পৰিছে। সমাজৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত অতি সহজ সৰল আৰু অমায়িক স্বভাৱৰ দিলীপ বৰাই মৃত্যুৰ সময়ত পত্নী সহ, প্ৰতিদিন টাইমৰ চামগুৰিৰ সাংবাদিক নয়নমনি বৰা, এগৰাকী জী, জোৱাঁই নাতিক ইহ-সংসাৰত এৰি থৈ যায়।

দিলীপ বৰাৰ মৃত্যুত, নগাঁও ইলেকট্ৰনিক মিডিয়া এছচিয়েশ্বন, পুৰণিগুদাম প্ৰেছ ক্লাৱ, জলাহগাঁও উন্নয়ন সমিতি,অংগাভিনয় অসমকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

পুৰণিগুদামৰ সমাজ কৰ্মী দিলীপ বৰাৰ মৃত্যু...
মৃত্যুৰ ৩২ বছৰ পিছত ডাঃ প্ৰদীপ কুমাৰ বৰুৱাৰ সোঁৱৰণত গ্ৰন্থ উন্মোচন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in