/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/608b7cb4-8846-44c0-bb15-a9db8f4e9a32/dhemaji_24.jpg)
মৃত্যুৰ ৩২ বছৰ পিছত ডাঃ প্ৰদীপ কুমাৰ বৰুৱাৰ সোঁৱৰণত গ্ৰন্থ উন্মোচন...
ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজিৰ এগৰাকী বৰেণ্য বক্তি, সমাজ-সংগঠক, সংস্কৃতিবান ব্যক্তি প্ৰয়াত ডাঃ প্ৰদীপ কুমাৰ বৰুৱাৰ সোঁৱৰণত ধেমাজি নগৰৰ ৩ নম্বৰ ৱাৰ্ডস্থিত টঙনাপৰা প্ৰয়াত ডাঃ বৰুৱাৰ বাসগৃহত দেওবাৰে এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় । ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা স্মাৰক গ্ৰন্থ 'স্মৃতিৰ অক্ষয় প্ৰদীপ' সম্পাদনা সমিতিৰ সভাপতি ড° বুদ্ধিন্দ্ৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হয় এই সভা।
স্মৃতিচাৰণ সভাখনৰ আৰম্ভণিতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে স্মাৰক গ্ৰন্থৰ সম্পাদনা সমিতিৰ সম্পাদক ৰবি গগৈয়ে ৷ উদ্দেশ্য ব্যাখ্যাত সম্পাদক গগৈয়ে বিগত ৩২ বছৰ আগেয়ে এই সংসাৰ এৰি বৈকুণ্ঠগামী হোৱা প্ৰয়াত ডাঃ প্ৰদীপ কুমাৰ বৰুৱাৰ কৰ্মজীৱনৰ সম্পৰ্কে প্ৰায় ৫০০ পৃষ্ঠাযোৰা স্মাৰক-গ্ৰন্থ খনি উন্মোচনেই সভাখনৰ মূল বিষয় বুলি অৱগত কৰে ৷ এই গ্ৰন্থখন প্ৰকাশ কৰিছে প্ৰয়াত প্ৰদীপ কুমাৰ বৰুৱাৰ পৰিয়ালে।
তেওঁ আৰু কয় যে, প্ৰয়াত ডাঃ প্ৰদীপ কুমাৰ বৰুৱাৰ পৰিয়ালবৰ্গই ডাঃ বৰুৱাৰ কৰ্মজীৱনৰ স্মৃতিসমূহ ৰক্ষাৰ উদ্দেশ্য বিগত বৰ্ষত ড° পুষ্প গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাতেই ১৫ জনীয়া বক্তিকলৈ এখনি স্মাৰক গ্ৰন্থ সম্পাদনা সমিতি গঠন কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/f3e872bf-fd86-4f2e-8218-dea12a3509aa/cae65241_8544_49ef_8c5c_851d52f6a868.jpg)
নিৰ্দিষ্ট বক্তাৰ ভাষণত জ্যেষ্ঠ সাংবাদিক তথা সাহিত্যিক পেঞ্চনাৰ উমেশ চেতিয়াই কয় যে, মানুহ মৃত্যু হ'লে নশ্বৰদেহ শেষ হৈ যায়, কিন্ত আত্মা কেতিয়াও শেষ হৈ নাযায়। ই সদায় অমৰ হৈয়ে থাকে৷
প্ৰয়াত ডাঃ প্ৰদীপ কুমাৰ বৰুৱাৰ কৰ্ম আৰু আদৰ্শই ধেমাজিবাসী ৰাইজৰ বাবে তাকেই সোঁৱৰাই দিয়ে বুলি উল্লেখ কৰে ৷ প্ৰসংগক্ৰমে সাহিত্যিক পেঞ্চনাৰগৰাকীয়ে প্ৰয়াত ডাঃ বৰুৱাৰ সৈতে থকা বন্ধুত্বৰ বিষয়ে অৱগত কৰি প্ৰয়াত ডাঃ বৰুৱা কেৱল চৰকাৰী বিষয়াই নাছিল তেওঁ এজন সমাজসেৱক ,সমাজ সংগঠক, মানৱদৰদী, জাতিক ভালপোৱা এগৰাকী অসাধাৰণ ব্যক্তি আছিল বুলিও কয় ৷
প্ৰয়াত ডাঃ বৰুৱাই ধেমাজিত প্ৰথম চুতীয়া সকলক একত্ৰিত কৰি পোন প্ৰথম বাৰৰ বাবে চুতীয়া জাতি সন্মিলন অনুষ্ঠিত কৰিছিল বুলি উল্লেখ কৰি জীৱনৰ সকলো সময়তে প্ৰয়াত ডাঃ বৰুৱাই হাঁহি মুখেৰে আগুৱাই লৈ যাব পাৰিছিল বুলিও সাহিত্যিক পেঞ্চনাৰ গৰাকীয়ে অৱগত কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/910f7326-ac6a-439f-b870-39814e786093/ce5cd5da_bcce_4168_9318_0d4f588d1eaa.jpg)
সভাত “ স্মৃতিৰ অক্ষয় প্ৰদীপ ” স্মাৰক-গ্ৰন্হখনি উন্মোচন কৰে মৰান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা লেখক,নাট্যকাৰ, ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ লোকসংস্কৃতিৰ সাধক ড° অনিল শইকীয়াই ৷ গ্ৰন্হখনি উন্মোচন কৰি ড° শইকীয়াই বক্তব্যত কয় যে, মৃত্যুৰ ৩২ বছৰৰ পিছতো প্ৰয়াত ডাঃ প্ৰদীপ বৰুৱাৰ কৰ্মই তেওঁক সজীৱ কৰি ৰাখিছে। ই ধেমাজিবাসীৰ বাবে সঁচাকৈয়ে অতি গৌৰৱৰ কথা ৷
তেওঁ এই গ্ৰন্থখনি উন্মোচন কৰিবলৈ পায় বৰ আনন্দিত অনুভৱ কৰিছে বুলিও মন্তব্য কৰে। তেওঁ কয়, ১৯৩৩ চনত ভাৰত পৰাধীন অৱস্থাত যেতিয়া আছিল তেতিয়াই জন্ম গ্ৰহন কৰা এই নমস্য বক্তি প্ৰয়াত ডাঃ বৰুৱা সঁচাকৈয়ে এগৰাকী অসাধাৰণ মেধাশক্তি আৰু সমাজক ভালপোৱা লোক আছিল ৷
লখিমপুৰ জিলাৰ ঢকুৱাখনা বালিগাঁৱত ডাঙৰ দীঘল হোৱা প্ৰয়াত ডাঃ বৰুৱাৰ অন্তৰখন উদাৰ,মানৱ দৰদী। এই গৰাকী মহান ব্যক্তিয়ে ওৰেটে জীৱন দুৰ্গতক পাৰ্যমানে সহায়ৰ হাত আগবঢ়াই মানৱতাৰ পৰিচয় দাঙি ধৰিছিল ৷
এইজন প্ৰয়াত ডাঃ বৰুৱাই ১৯৫২ চনত মেট্ৰিক পাছ কৰিয়েই ঘৰুৱা আৰ্থিক দূৰৱস্হাৰ হেতু প্ৰথমতে উচ্চ শিক্ষা ল'ব পৰা নাছিল যদিও পৰৱৰতী সময়ত অৰুণাচলত চাকৰি কৰি নিজৰ গুণৰ ফলত ১৯৫৭ চনতেই পশু পালন বিভাগৰ চিকিৎসকৰ উপৰিও পিছলৈ তেওঁ দূগ্ধ উন্নয়ন বিভাগৰ মাণ্ডলিক উপ-সঞ্চালক পদতো অধিস্হিত হৈছিল ৷
মেধাসম্পন্ন প্ৰয়াত ডাঃ বৰুৱাই তেতিয়াই দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি নিজৰ প্ৰাপ্য অধিকাৰক লৈ সাহস দেখুৱাই বাতৰি কাকতৰ সম্পাদকলৈ চিঠি লিখি ১৯৫৭ চনতেই বিধান সভা উত্তপ্ত কৰি দুৰ্নীতি ফাদিল কৰিব পাৰিছিল বুলি ড° শইকীয়াই প্ৰয়াত ডাঃ বৰুৱাৰ কাৰ্যক প্ৰসংসা কৰে ৷ সভাত জ্যেষ্ঠ ব্যক্তি প্ৰদীপ চুতীয়া, অৱসৰপ্ৰাপ্ত শিক্ষয়ত্ৰী অমিয়া তামুলী বৰুৱা , ঢকুৱাখনাৰ যুগল চন্দ্ৰ বৰা , ডিব্ৰুগড় চৰকাৰী ল'ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষয়িত্ৰী অনিমা গগৈ লাহন , অৱসৰপ্ৰাপ্ত অধ্যক্ষ ,বিশিষ্ট লিখক তথা সাহিত্যিক পেঞ্চনাৰ বিপিন চুতীয়া, অৱসৰপ্ৰাপ্ত অধ্যাপক ডিম্বেশ্বৰ বৰুৱা, বিমলা গগৈ গোহাঁই, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা নাট্যকাৰ বলীন বৰগোহাঁই , যোগল সন্দিকৈ , প্ৰয়াত ডাঃ প্ৰদীপ বৰুৱাৰ কন্যা বিভা( বৰুৱা ) হাতীবৰুৱাৰ লগতে পৰিয়ালবৰ্গৰ বহুকেইজন ব্যক্তিয়ে বক্তব্য ৰাখি প্ৰয়াত ডাঃ বৰুৱাৰ মহানুভৱতা ৰোমন্থন কৰে৷ সভাৰ শেষত কুঞ্জ হাতীবৰুৱাই শলাগৰ শৰাই আগবঢ়াই সকলোকে সেৱা জনায় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/1269dd76-d8e5-49d0-a5b1-c5448ae3f0cc/18434d1d_3c09_488d_a679_dbb8992bd125.jpg)
Also Read: চৰকাৰৰ নিযুক্তি ব্যৱস্থাত ৱেইটিং লিষ্টৰ দাবী আপ যুৱ শক্তিৰ...