কলিয়াবৰত শোকৰ ছাঁ; সমাজকৰ্মী ভোলা নাথ নেওগৰ পৰলোকপ্ৰাপ্তি...

কলিয়াবৰৰ বিশিষ্ট সমাজকৰ্মী তথা শিলঘাটস্থিত কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ভোলা নাথ নেওগৰ দেহাৱসান...

author-image
Asomiya Pratidin
New Update
কলিয়াবৰত শোকৰ ছাঁ; সমাজকৰ্মী ভোলা নাথ নেওগৰ পৰলোকপ্ৰাপ্তি...

ডিজিটেল সংবাদ, কলিয়াবৰ : কলিয়াবৰৰ বিশিষ্ট সমাজকৰ্মী তথা শিলঘাটস্থিত কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ভোলা নাথ নেওগৰ দেহাৱসান। দেওবাৰে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ সমাজকৰ্মী গৰাকীৰ মৃত্যু হোৱাত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে। মৃত্যুৰ সময়ত নেওগৰ বয়স আছিল ৭৫ বছৰ।

Advertisment

১৯৪৮ চনৰ ২০ অক্টোবৰত জন্ম লাভ কৰা নেওগে সুদীৰ্ঘ কাল শিক্ষা বৃত্তিৰ লগত জড়িত হৈ সমাজৰ হকে সেৱা আগবঢ়ায়। কৃৰ্তী শিক্ষক গৰাকীৰ সাৱলীল পাঠদানে শিক্ষাৰ্থী সমাজৰ মনত ৰেখাপাত কৰিবলৈ সক্ষম হৈছিল ৷ দক্ষতাৰে শিক্ষানুষ্ঠানখন পৰিচালনা কৰা ভোলা নাথ নেওগ বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী তথা কৰ্মচাৰী সমাজৰ জনপ্ৰিয় আৰু আস্থাভাজন আছিল ৷

বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত থকা নেওগে ২০১৫ চনত কলিয়াবৰত অনুষ্ঠিত হৈ যোৱা অসম সাহিত্য সভাৰ কলিয়াবৰ অধিৱেশনৰ আদৰণি সমিতিৰ অন্যতম শাখা অভ্যৰ্থনা শাখা সমিতিৰ সভাপতি হিচাপে আসন অলংকৃত কৰাৰ উপৰিও বাপুজি সমবায় সমিতিকে ধৰি বিভিন্ন অনুষ্ঠাৰ বিষয়ববীয়া হিচাপে কাম কৰিছিল ।

তেওঁৰ মৃত্যুত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক সমাজ তথা অধ্যক্ষা নৱনীতা দলবৰুৱা, কলিয়াবৰ শাখা সাহিত্য সভা, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কলিয়াবৰ জিলা পৰিষদ, ছাত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদ, কলিয়াবৰ প্ৰেছ ক্লাবৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ব্যক্তি বিশেষে গভীৰ শোক প্ৰকাশ কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নী নিভা নেওগ আৰু দুটি সন্তান এৰি থৈ গৈছে।

Also Read: ১৯ বছৰীয়া নন্দিনীৰ শিৰত "ফেমিনা মিছ ইণ্ডিয়াৰ ২০২৩"ৰ মুকুত...

social worker kaliabor