কাজলগাঁৱত জিলা বিপিএফৰ দলীয় সভা...

শুকুৰবাৰে চিৰাং জিলাৰ কাজলগাঁও স্থিত জিলা বিপিএফৰ কাৰ্যালয়ত বিটিচিৰ প্ৰাক্তন উপমুখ্য কাৰ্য্যবাহী সদস্য খাম্ফা বৰগয়াৰীৰ উপস্থিতিত চিৰাং জিলা বিপিএফৰ কোচৰাজবংশী আৰু গোৰ্খা মৰ্চাৰ চিৰাং জিলা সমিতি গঠন কৰা হয় ।

author-image
Asomiya Pratidin
New Update
কাজলগাঁৱত জিলা বিপিএফৰ দলীয় সভা...

ডিজিটেল সংবাদ, চিৰাংঃ শুকুৰবাৰে চিৰাং জিলাৰ কাজলগাঁও স্থিত জিলা বিপিএফৰ কাৰ্যালয়ত বিটিচিৰ প্ৰাক্তন উপমুখ্য কাৰ্য্যবাহী সদস্য খাম্ফা বৰগয়াৰীৰ উপস্থিতিত চিৰাং জিলা বিপিএফৰ কোচৰাজবংশী আৰু গোৰ্খা মৰ্চাৰ চিৰাং জিলা সমিতি গঠন কৰা হয় ।

Advertisment

আজি বিপিএফৰ এই দলীয় সভাত বিগত বিটিচি নিৰ্বাচনত কি কি কাৰণত বিপিএফ দল পৰাজয় বৰণ কৰিব লগা হৈছিল সেয়া পৰ্যালোচনা কৰা হয় ।

আজিৰ সভা খনত অংশ লৈ খাম্ফা বৰগয়াৰীয়ে কয় যে আগন্তুক লোকসভাৰ লগতে বিটিচিৰ পৰিষদ দখল কৰিবলৈ দলে যিধৰণে ৰণনীতি প্ৰস্তুত কৰিছে ।

লগতে তেওঁ কয় যে জনসাধাৰণে যি পৰিমাণে সহাঁৰি জনাইছে সেয়া লক্ষ্য কৰিলে বিপিএফ দলৰ বিজয় ১০০ শতাংশ নিশ্চিত বুলি দাবী কৰে ।

আগন্তুক লোকসভা নিৰ্বাচনত কোকৰাঝাৰ লোকসভা সমষ্টিত বিপিএফ দলৰ সম্ভাব্য প্ৰাৰ্থী কোন হব বুলি প্ৰশ্ন কৰাত খাম্ফা বৰগয়াৰীয়ে কয় যে এইবেলি কোকৰাঝাৰ লোকসভা সমষ্টিৰ বাৱে বিপিএফ দলৰ পৰা ৩/৪ জনীয়া সম্ভাব্য প্ৰাৰ্থীৰ এখন খচৰা তালিকা প্ৰস্তুত কৰা হৈছে ।

লগতে তেওঁ কয় যে উক্ত খচৰা তালিকাত খাম্ফা বৰগয়াৰী নাম সন্নিবিষ্ট হৈ আছে বুলি সদৰি কৰে ।

ইপিনে ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ দুই বছৰ সম্পূৰ্ণ কৰিলে, সেই চৰকাৰৰ কাম- কাজত খাম্ফা বৰগয়াৰীয়ে ১০ নম্বৰৰ ভিতৰত ৪ নম্বৰ দিয়ে । আৰু বিটিচি প্ৰশাসনৰ বাৱে ইউপিপিএল দলক ১০ ৰ দিলে ০ নম্বৰ দিয়ে ।

বিপিএফ দলৰ কোচৰাজবংশী মৰ্চাৰ কেন্দ্ৰীয় সভাপতি দীপাংকৰ ৰাজবংশীয়ে কয় যে অসমত বিজেপি চৰকাৰে কোচ ৰাজবংশী জনগোষ্ঠীক যি প্ৰতাৰণা কৰিলে যাৰ বাবে কোচৰাজবংশী জনগোষ্ঠীৰ বৃহৎ ক্ষতি হৈছে ।

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা এজন কুটিল ৰাজনীতিবিদ তেখেতে যে কোচৰাজবংশী জনগোষ্ঠীৰ উন্নয়নৰ কথা চিন্তা নকৰে সেয়া নিশ্চিত বুলি মন্তব্য প্ৰকাশ কৰে নেতা জনে ।

আজিৰ বিপিএফৰ দলীয় সভাত বিটিচিৰ পাৰিষদ তথা জিলা বিপিএফৰ সভাপতি জেমচ বসুমতাৰী, পাৰিষদ পানীৰাম ব্ৰহ্ম, বিপিএফ দলৰ উপ-সভাপতি বুদ্ধ বসুমতাৰী, গোৰ্খা নেতা নন্দলাল মগৰ, চিৰাং জিলা বিপিএফৰ সম্পাদক ছাহানুৰ ৰহমান সহ বিপিএফ দলৰ বিষয়ববীয়া সকল উপস্থিত থাকে।

Also Read: জামিন লাভ কৰিলে ইমৰাণ খানে...

chirang bpf