শেনচোৱা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান...

শেনচোৱা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান...

author-image
Asomiya Pratidin
New Update
শেনচোৱা শংকৰদেৱ শিশু বিদ্যা  নিকেতনৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান...

ডিজিটেল সংবাদ, বেবেজীয়াঃ নগাঁও জিলাৰ শেনচোৱা অঞ্চলৰ অগ্ৰণী শিক্ষানুষ্ঠান শেনচোৱা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানটি আগন্তুক ২৫, ২৬ আৰু ২৭ অক্টোবৰত বৰ্ণাঢ্য কার্যক্রমণিকাৰে অনুষ্ঠিত হ'ব। এই উপলক্ষে দেওবাৰে বিয়লি শিশু বিদ্যা নিকেতন পৰিচালনা সমিতিৰ সভাপতি সুনীল নাথৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাই এই সিদ্ধান্ত গ্ৰহণ কৰে ।

Advertisment

নিকেতনৰ প্ৰধান আৰ্চায্য পংকজ নাথে উদ্দেশ্যে ব্যাখ্যা কৰা সভাত ৰূপালী জয়ন্তী বৰ্ষৰ অনুষ্ঠানটিৰ বিষয়ববীয়াসকল উপস্থিত থাকি উক্ত সিদ্ধান্তৰ পক্ষে সহমত প্ৰকাশ কৰি সিদ্ধান্ত গ্ৰহণ কৰে।

সভাত পৰিচালনা সমিতিৰ সম্পাদক ৰাজু বৰা , শেনচোৱা গাঁও পঞ্চায়তৰ সভাপতি তথা সাংস্কৃতিক উপসমিতিৰ সভাপতি ৰাজীৱ বৰা, লেনিন মহন্ত, জ্ঞানজিৎ নাথ , দ্বীপেন কাকতি , সাংবাদিক দেৱজিত হাজৰিকাকে ধৰি বহু গণ্য-মান্য ব্যক্তি সভাখনিত উপস্থিত থাকি আগন্তুক ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিবলৈ সকলোকে আহ্বান জনায় ।

উল্লেখ্য যে , তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যক্ৰমণিকাৰে অনুষ্ঠিত হ'বলগা টোৰণ উন্মোচন , স্মাৰক উন্মোচন , প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সমাৰোহ , গুৰু প্ৰণাম অনুষ্ঠান , ছাত্ৰ-ছাত্ৰীৰ সংগীতানুষ্ঠান , আলোচনা চক্ৰ , প্ৰদৰ্শনী , মুকলি সভা , গ্ৰন্থ উন্মোচন , সাংস্কৃতিক অনুষ্ঠান , অংকীয়া ভাওনা আৰু আমন্ত্ৰিত শিল্পীৰ দ্বাৰা গীতৰ শৰাই পৰিৱেশনকে ধৰি বিভিন্ন কাৰ্য্যসূচী অনুষ্ঠিত হ'ব ।

Also Read: অসম গৰীয়সী পুথি সংৰক্ষণ আৰু সাহিত্য-সংস্কৃতি বিকাশ মঞ্চৰ 'অসম গ্ৰাম্য শিৰোৰত্ন-২০২৩' বঁটা প্ৰদান

bebejiya sankar dev sishu niketon