অসম গৰীয়সী পুথি সংৰক্ষণ আৰু সাহিত্য-সংস্কৃতি বিকাশ মঞ্চৰ 'অসম গ্ৰাম্য শিৰোৰত্ন-২০২৩' বঁটা প্ৰদান

অসম গৰীয়সী পুথি সংৰক্ষণ আৰু সাহিত্য-সংস্কৃতি বিকাশ মঞ্চৰ 'অসম গ্ৰাম্য শিৰোৰত্ন-২০২৩' বঁটা প্ৰদান

ডিজিটেল সংবাদ, হাওৰাঘাটঃ অসম গৰীয়সী পুথি সংৰক্ষণ আৰু সাহিত্য-সংস্কৃতি বিকাশ মঞ্চ নামৰ অনুষ্ঠানটোৱে ২০০৮ চনৰ পৰা বিশ্বৰ প্ৰয়াত মাতৃ সকলৰ সোঁৱৰণত " অসম গ্ৰাম্য শিৰোৰত্ন বঁটা প্ৰদান কৰি আহিছে।

ৰাজ্যখনৰ অন্তৰ্গত চহৰ, নগৰ আৰু অতিকে পিছপৰা গ্ৰাম্যাঞ্চলৰ ধৰ্ম, শিক্ষা, ক্ৰীড়া, সাহিত্য-সংস্কৃতি, স্থাপত্য, ভাস্কৰ্য তথা সুকুমাৰ কলা, সমাজ সংগঠন, সমাজ সেৱক, সাংবাদিকতা আদিৰ দিশত পাৰদৰ্শিতা দেখুওৱা মহান ব্যক্তিক তেখেতসকলৰ মহান কৰ্মৰ স্বীকৃতি স্বৰূপে তথা উৎকৰ্ষমূলক কামত প্ৰেৰণা আৰু উৎসাহিত কৰাৰ অৰ্থে লগতে জ্ঞাত, অজ্ঞাত আৰু তেনে প্ৰচাৰ বিমুখ লোকৰ সুপ্ত প্ৰতিভাসমূহ বিকাশৰ বাবে এই সংগঠনটোৱে ২০০৮ চনৰ পৰা বিশ্বৰ প্ৰয়াত মাতৃ সকলৰ সোঁৱৰণত " অসম গ্ৰাম্য শিৰোৰত্ন বঁটা প্ৰদান কৰি আহিছে ।

এই উদ্দেশ্য আগত ৰাখিয়েই অসম গৰীয়সী পুথি সংৰক্ষণ আৰু সাহিত্য-সংস্কৃতি বিকাশ মঞ্চই ২০২৩বৰ্ষৰ " অসম গ্ৰাম্য শিৰোৰত্ন বঁটা"টো প্ৰদান কৰাৰ উদ্দেশ্যে দেওবাৰে দিনৰ ১১বজাত নগাঁও জিলাৰ অন্তৰ্গত কচুৱা তিনিআলিস্থিত জ্ঞানজ্যোতি বিদ্যাপীঠত অনুষ্ঠিত এখন সভাত ৰাজ্যখনৰ মুঠ ২০ গৰাকী বিশিষ্ট ব্যক্তিলৈ অসম গ্ৰাম্য শিৰোৰত্ন বটাঁ প্ৰদান কৰা হয়।

অসম গৰিয়সী পুথি সংৰক্ষণ আৰু সাহিত্য -সংস্কৃতি মঞ্চৰ সভাপতি সভাৰাম বৰাৰ সভাপতিত্বত অনুষ্ঠিত কৰা আৰু সম্পাদক শৈলেন সৰকাৰে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰা এই অনুষ্ঠানতে 'অসমীয়া প্ৰতিদিন' কাকতৰ হাওৰাঘাটৰ সাংবাদিক তথা গৰখীয়া পুখুৰী গাঁৱৰ বাসিন্দা বিশিষ্ট কবি , লেখক তথা সাংবাদিক ধৰ্মেন্দ্ৰ খাখলাৰী, বিশিষ্ট দ্বি ভাষিক কবি মহেশ্বৰ বসুমতাৰী(গোলাঘাট), বিশিষ্ট কবি স্পনানী গগৈ চেতিয়া (গোলাঘাট ), বিশিষ্ট কবি ৰূপালী বসুমতাৰী(হাওৰাঘাট)লৈ এই বঁটা প্ৰদান কৰে।

লগতে সাহিত্য, সংস্কৃতি আদি বিভিন্ন দিশত পাৰদৰ্শিতা দেখুওৱা ক্ৰমে আফটাৰ হুছেইন চৌধুৰী (ৰঙিয়া), ডালিমী কুলাধিপতি (ৰঙিয়া), নিৰু বাহেক ভূঞা (গোলাঘাট), দ্বিজেন ৰাজবংশী (বোকাজান), বন্দনা বৰুৱা (দৰং), হৰিশচন্দ্ৰ শৰ্মা (ওদালগুৰি), নিবিড় আকাশ কাশ্যপ (ওদালগুৰি), গায়ত্ৰী বৰা(নগাঁও), প্ৰিয়াংকী মহন্ত(পশ্চিম কাৰ্বি আংলং), জানু শৰ্মা (গুৱাহাটী), মঃ আব্দুলা আল মাহমুদ (কোকৰাঝাৰ), শ্বেহলা হুছেইন, শ্বাহ নাৱাজ হুছেইন,(ধুবুৰী), সাধুচৰণ ৰায়, আনোৱাৰ হুছেইন, আজাদ আলি আহমেদ (ধুবুৰী) ৰাজ্যখনৰ এই মুঠ ২০ গৰাকী বিশিষ্ট কবি , লেখক, সাংবাদিক আৰু সাহিত্যিকক অসম গৰীয়সী পুথি সংৰক্ষণ আৰু সাহিত্য-সংস্কৃতি বিকাশ মঞ্চৰ ২০২৩বৰ্ষৰ অসম গ্ৰাম্য শিৰোৰত্ন বটাঁ প্ৰদান কৰা হয় ।

অসম গৰীয়সী পুথি সংৰক্ষণ আৰু সাহিত্য-সংস্কৃতি বিকাশ মঞ্চৰ 'অসম গ্ৰাম্য শিৰোৰত্ন-২০২৩' বঁটা প্ৰদান
এবিভিপি উদ্যোগত বাসুগাঁৱত ভোটাৰ সচেতনতামূলক প্ৰচাৰ অভিযান..

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in