/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2018/08/agrani-news.jpg)
ডিজিটেল সংবাদ,কামপুৰ : কচুৱা প্ৰেছ ক্লাৱে ২৫ বছৰ সম্পূৰ্ণ কৰা উপলক্ষে কচুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অহা ৩০ আৰু ৩১ ডিচেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰূপালী জয়ন্তী সমাৰোহৰ আয়োজন কৰিছে ৷ সেই উপলক্ষে ৩০ ডিচেম্বৰৰ পুৱা ৮-০০ বজাত ২৫খন পতাকা উত্তোলন ,বন্তি প্ৰজ্বলন আৰু ছহিদ তৰ্পণ কাৰ্য্যসূচী অনুষ্ঠিত কৰা হ'ব।
ইয়াৰ পিছতে বাৰেৰহণীয়া জনগোষ্ঠীয় শোভাযাত্ৰা উলিওৱা হ'ব ৷ পুৱা ১০-০০ বজাৰ পৰা কুইজ ,তৰ্ক আৰু বিভিন্ন নৃত্য প্ৰদৰ্শন কৰা হ'ব ৷আনহাতে ৩১ ডিচেম্বৰৰ দিনা পুৱা ১১-০০ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত জ্যেষ্ঠ আৰু কনিষ্ঠ সাংবাদিকৰ সম্বৰ্ধনাৰ পিছতে আদৰ্শ খেতিয়ক, শ্ৰমিক,কবি-সাহিত্যিক,শিক্ষক, লেখক আৰু আৰক্ষীকে আদি কৰি ২০গৰাকী বিশেষ ব্যক্তিক সম্বৰ্ধনা জনোৱা হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে ৷
মুকলি সভাত "তুলিকা" নামৰ স্মৃতিগ্ৰন্থখন উন্মোচন কৰিব জ্যেষ্ঠ সাংবাদিক তথা অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই ৷ ইপিনে মুকলি সভাত প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়াই মুখ্য অতিথিৰ আসন অলংকৃত কৰিব।
ইয়াৰোপৰি সাংসদ প্ৰদ্যুত বৰদলৈ,বিধায়ক শশীকান্ত দাস,আমিনুল ইছলাম,জিতু গোস্বামী আৰু নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহক বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ জনাইছে ৰূপালী জয়ন্তীৰ অভ্যৰ্থনা সমিতিয়ে ৷ সেয়েহে দুয়োটা দিনৰ সকলো কাৰ্যসূচীত বৃহত্তৰ কচুৱাৰ শিক্ষক সমাজ,ছাত্ৰ সমাজৰ লগতে সৰ্বধৰ্মী লোকৰ উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছে।
সুধী সমাজ উপস্থিত থাকি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিবলৈ কচুৱা প্ৰেছ ক্লাৱৰ সভাপতি বাহাৰুল ইছলাম,উপ সভাপতি তথা অভ্যৰ্থনা সমিতিৰ যুটিয়া সম্পাদক ৰূপজ্যোতি ভূঞা,সভাপতি নজৰুল ইছলাম আৰু স্মৃতিগ্ৰন্থ সম্পাদনা সমিতিৰ সম্পাদক খৰ্গেশ্বৰ বৰাৰ লগতে কচুৱা প্ৰেছ ক্লাৱৰ সমূহ সদস্যই আহ্বান জনাইছে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us