মিছা কেন্দ্ৰীয় বিদ্যালয়ত স্বাস্থ্য পৰীক্ষা শিবিৰ

মিছা কেন্দ্ৰীয় বিদ্যালয়ত স্বাস্থ্য পৰীক্ষা শিবিৰ

author-image
Asomiya Pratidin
New Update
মিছা কেন্দ্ৰীয় বিদ্যালয়ত স্বাস্থ্য পৰীক্ষা শিবিৰ

ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰৰ মিছা সেনা ছাউনীস্থিত পিএম শ্ৰী কেন্দ্ৰীয় বিদ্যালয়ত বৃহস্পতিবাৰে নগাঁও জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। শিবিৰত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধো বিতৰণ কৰা হয়।

Advertisment

নগাঁও জিলা স্বাস্থ্য বিভাগৰ ২৫ গৰাকী চিকিৎসকৰ লগতে স্বাস্থ্যকৰ্মীসকলে শিবিৰত সেৱা আগবঢ়ায়। শিবিৰৰ আৰম্ভণিতে বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা চিকিৎসক তথা স্বাস্থ্য কৰ্মীসকলক আদৰণি জনোৱা হয়।

আনহাতে,বিদ্যালয়ৰ অধ্যক্ষ প্ৰবীণ কুমাৰ শৰ্মাই স্বাস্থ্য বিভাগৰ দলটোক কৃতজ্ঞতা জনোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হ'বলৈ আহ্বান জনায়।

Also Read: অফাৰ...

health kaliyabor