শংকৰ নগৰ সাৰ্বজনীন নামঘৰ ও কৃষ্টি বিকাশ কেন্দ্ৰৰ ৰূপালী জয়ন্তী বর্ষ উদ্বোধনী সমাৰোহ

শংকৰ নগৰ সাৰ্বজনীন নামঘৰ ও কৃষ্টি বিকাশ কেন্দ্ৰৰ ৰূপালী জয়ন্তী বর্ষ উদ্বোধনী সমাৰোহ

author-image
Asomiya Pratidin
New Update
শংকৰ নগৰ সাৰ্বজনীন নামঘৰ ও কৃষ্টি বিকাশ কেন্দ্ৰৰ ৰূপালী জয়ন্তী বর্ষ উদ্বোধনী সমাৰোহ

ডিজিটেল সংবাদ,বেবেজীয়াঃ বৃহস্পতিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে হয়বৰগাঁওস্থিত শংকৰ নগৰ সাৰ্বজনীন নামঘৰ ও কৃষ্টি বিকাশ কেন্দ্ৰৰ ৰূপালী জয়ন্তী বৰ্ষৰ বছৰজোৰা কাৰ্যক্ৰমণিকাৰ উদ্বোধনী সমাৰোহ।

Advertisment

কাৰ্যসূচী অনুসৰি আজি পুৱা ৯.৩০ বজাত ৰূপালী জয়ন্তী বর্ষ উদযাপন উপলক্ষে ২৫ জন বিশিষ্ট ব্যক্তিৰ দ্বাৰা ২৫ খন ধর্মধ্বজা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। মুখ্য উত্তোলক হিচাপে অংশ লয় ৰূপালী জয়ন্তী বর্ষ উদযাপন সমিতি তথা শংকৰ নগৰ সাৰ্বজনীন নামঘৰ ও কৃষ্টি বিকাশ কেন্দ্ৰৰ প্ৰতিষ্ঠাপক সভাপতি বল্লদেব শর্মাই।

ইয়াৰ পিছতে স্মৃতি তর্পণ অনুষ্ঠানত মুখ্য তর্পক হিচাপে অংশগ্রহণ কৰে অনুষ্ঠানৰ প্ৰাক্তন সভাপতি উপেন শইকীয়া,প্ৰতিষ্ঠাপক সম্পাদক আৰু প্রাক্তন সভাপতি নৰেন্দ্ৰ নাথ বড়োৱে।

ইয়াৰ অন্তত অঞ্চলৰ ৰাইজ আৰু সৃষ্টি-কৃষ্টি সাংস্কৃতিক গোষ্ঠী, বৰভেটিৰ সহযোগত ভাগৱত শোভাযাত্রা উলিওৱা হয়। শোভাযাত্রা মুকলি কৰে নগাঁও জিলা সাহিত্য সভাৰ প্রাক্তন সভাপতি পৰাণ কুমাৰ বৰুৱাই।

পুৱা ১১ বজাত জামুগুৰি গাঁৱৰ নিবাসী, নামাচাৰ্য বীৰেন চন্দ্র নাথ আৰু তেখেতৰ সহযোগীসকলৰ পৰিচালনাত খোল প্রসংগ আৰু নাম প্রসংগ অনুষ্ঠিত হয়।বিয়লি ৪ বজাত কৃষ্টি বিকাশ কেন্দ্ৰৰ ন-পুৰণি সদস্য, দাতা আৰু শুভাকাংক্ষীসকলৰ মত বিনিময় আৰু সম্বর্ধনা অনুষ্ঠিত কৰা হয়।

অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া তথা শ্রীমন্ত শংকৰ মিশ্যনৰ সভাপতি প্রেমেশ্বৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত কাৰ্যসূচীত প্রাক্তন মন্ত্রী তথা অৱসৰপ্ৰাপ্ত অধ্যাপক গিৰীন্দ্ৰ কুমাৰ বৰুৱা,মৰিগাঁও মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডঃ ধনঞ্জয় কুশ্রে, ধিং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ শৰৎ দত্তই বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰে।

সন্ধিয়া ৰূপালী জয়ন্তী বর্ষ উপলক্ষে ২৫ গছি বন্তি প্রজ্বলন কার্যসূচী মুকলি কৰে পাঠক গোলোক শইকীয়া, আন্তঃৰাষ্ট্ৰীয় চিত্রশিল্পী গকুল চেত্ৰী আৰু নামঘৰ সমিতিৰ সম্পাদক পৰমেশ্বৰ দাসে।

ইয়াৰ পিছতে মণিকাঞ্চন শিল্পী সমাজৰ দলপতি, বিশিষ্ট শিল্পী মালাশ্রী হাজৰিকাৰ নেতৃত্বত দিহানাম পৰিৱেশন কৰা হয়।এই অনুষ্ঠান উদ্বোধন কৰে সদৌ অসম গ্রাম্য পুথিভঁৰাল সন্থাৰ সভাপতি প্রতাপ হাজৰিকাই। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে 'কলংপাৰ' কাকতৰ সম্পাদক ভবেন বৰা।

শুকুৰবাৰে দ্বিতীয় দিনা পুৱা ভাগৱত পাঠৰ শুভাৰম্ভ হ'ব। প্রাক্তন বিধায়ক তথা বিশিষ্ট সমাজকর্মী ডাঃ দুর্লভ চমুৱাই উদ্বোধন কৰিব লগা এই ভাগৱত পাঠত মূল পাঠক হিচাপে অংশ ল'ব প্রবীণ কলিতা, নির্মল হাজৰিকা, টংকেশ্বৰ বৰা আৰু গিৰিধৰ বর্মণে। সন্ধিয়া ৬ বজাত ভাগৱত পাঠৰ সামৰণি, প্রসাদ বিতৰণ আৰু আহাৰ গ্রহণেৰে কাৰ্যসূচী অন্ত পৰিব বুলি উদ্যোক্তাসকলে জনায়।

Also Read: ডাঙৰীয়া শুনক; চিঠি আহিছে,চিঠি...

bebejiya Silver Jubilee Anniversary Sankar Nagar Namghar