/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/d4025775-1810-4486-8e75-a876bfbc0ea9/68.jpg)
ডিজিটেল সংবাদ,কামৰূপ : জৱাহৰ নবোদয় বিদ্যালয়ৰ বাচনি পৰীক্ষা অৰ্থাৎ JNVST -২০২৪, ২০ জানুৱাৰীৰ দিনা তামিলনাডুৰ বাহিৰে ভাৰতৰ আন সকলো ৰাজ্যতেই অনুষ্ঠিত হ'ব। জৱাহৰ নবোদয় বিদ্যালয় কামৰূপতো ষষ্ঠ শ্ৰেণীৰ নামভৰ্তিৰ কাৰণে এই সৰ্বভাৰতীয় বাচনি পৰীক্ষাৰ সকলোধৰণৰ প্ৰস্তুতি ইতিমধ্যে সাজু হৈ উঠিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/33e52934-4c6f-402a-9332-23428a5689a3/6581134f_83a0_4ea4_b0da_603ed661ba11.jpg)
জানিবলৈ দিয়ামতে কামৰূপ জিলাৰ সৰ্বমুঠ ৯টা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হ'ব। প্ৰাৰ্থীসকলে বা অভিভাৱকে এডমিট কাৰ্ড নিজে ডাউনলোড কৰি ল'ব পাৰিব ন'হলে জৱাহৰ নৱোদয় বিদ্যালয় কামৰূপৰ পৰা বা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয়ৰ (BEEOৰ) পৰা সংগ্ৰহ কৰিব পাৰে বুলি উল্লেখ কৰে।
বিদ্যালয়খনৰ অধ্যক্ষ শ্ৰী এম জি অৰবিন্দাক্ষনে বাচনি পৰীক্ষাৰ সফল সমাপ্তিৰ কাৰণে জিলা প্ৰশাসন আৰু ৰাইজৰ সহযোগৰ আহ্বান জনাইছে।
Also Read: কঠীয়াতলীত অৰুণাচলী সুৰা জব্দ