গুৱাহাটীৰ লাচিত ঘাটত দুটাকৈ শিশুৰ মৃতদেহ উদ্ধাৰ...

গুৱাহাটীৰ লাচিত ঘাটত দুটাকৈ শিশুৰ মৃতদেহ উদ্ধাৰ...
গুৱাহাটীৰ লাচিত ঘাটত দুটাকৈ শিশুৰ মৃতদেহ উদ্ধাৰ...

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীত দুটাকৈ শিশুৰ মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য। উল্লেখ্য যে, বৃহস্পতিবাৰে সন্ধিয়া লাচিত ঘাটত উদ্ধাৰ হৈছে ৫ ৰ পৰা ৬ মহীয়া দুটাকৈ শিশুৰ মৃতদেহ।

দুয়োটা দেৱ শিশুৰ মৃতদেহ গাঁতত পুতিবলৈ চেষ্টা কৰিছিল কোনো লোকে। কিন্তু গাঁত খান্দি সেই গাঁত নোপোতাকৈয়ে সেই স্থানতে শিশু দুটিৰ মৃতদেহ পেলাই থৈ যায়। দুয়োটা শিশুৰ এটা ল'ৰাৰ আৰু আনটো ছোৱালীৰ।

বৃহস্পতিবাৰে সন্ধিয়া ভৰলুমুখ আৰক্ষীয়ে উদ্ধাৰ কৰিছে দুয়োটা মৃতদেহ। ঘটনা সন্দৰ্ভত ভৰলুমুখ আৰক্ষীয়ে নিজাববিয়াকৈ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীৰ সন্দেহ পুৱাৰ ভাগত শিশু দুটিক হত্যা কৰি এইদৰে পেলাই থৈ গৈছে।

গুৱাহাটীৰ লাচিত ঘাটত দুটাকৈ শিশুৰ মৃতদেহ উদ্ধাৰ...
মঙলদৈত জাইকাই নিৰ্মাণ কৰিব অত্যাধুনিক সুবিধা যুক্ত চিকিৎসালয়...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in