/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/88f41ad7-99a4-41a5-875d-342cd287634b/121.jpg)
ডিজিটেল সংবাদ,কলিয়াবৰ : নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ ৰাজহ বিভাগৰ হেমাহিৰ বাবে মাটি কিনা-বেচা কৰাৰ ক্ষেত্ৰত জীয়াতু ভোগ কৰিব লগা হৈছে সাধাৰণ জনতাই। অভিযোগ অনুসৰি কলিয়াবৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা মাটি কিনা-বেচা কৰাৰ অনুমতি বিচাৰি কৰা আবেদন জিলা আয়ুক্তৰ ৰাজহ বিভাগৰ কাৰ্যালয়লৈ যোৱাৰ ৪/৫ মাহৰ পিছতো অনুমতি লাভ নকৰে আবেদনকাৰীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/3a8ba735-54cb-4c12-a001-20048c7bdabc/6e02d2f1_1abf_4dc3_94d0_107aac70ca05.jpg)
উল্লেখযোগ্য যে মাটি কিনা-বেচাৰ অনুমতিৰ কাম ৪৫ দিনৰ ভিতৰতে সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে নিৰ্দেশ জাৰি কৰিছিল। কিন্তু নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত ৰঙা ফিটাৰ মেৰপেছত পৰি থাকে এনে বহু ফাইল।
ফলত বাৰে বাৰে কাৰ্যালয়লৈ বাটকুৰি বাই হাৰাশাস্তিৰ সন্মুখীণ হ'বলগা হৈছে বহু লোকে। বিগত ৪ মাহ ধৰি উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা মাটি বিক্ৰীৰ অনুমতি লাভ কৰা নাই কলিয়াবৰৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰঘূলিৰ একাংশ লোকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/635842ca-e3e9-4ac0-93a5-ae9fe6648303/b48a620e_cf46_4d11_afce_6beb3394c90a.jpg)
উপায়ুক্তৰ কাৰ্যালয়ৰ ৰাজহ বিভাগৰ লগত বাৰম্বাৰ যোগাযোগ কৰিও কোনো সদুত্তৰ লাভ কৰা নাই লোকসকলে। দালালৰ সহায় নোলোৱাৰ বাবেই এইসকল লোকৰ কাম হোৱা নাই নেকি বুলি প্ৰশ্ন উঠিছে সচেতন মহলৰ মাজত ।
সেয়েহে অনতিপলমে মাটি বিক্ৰীৰ অনুমতি পাবলৈ অৱশেষত হাতে হাতে আবেদন পত্ৰৰ প্ৰতিলিপি লৈ মঙ্গলবাৰে ভুক্তভোগীসকলে মৌন প্ৰতিবাদ কৰে। নগাঁও জিলা আয়ুক্তৰ ৰাজহ বিভাগৰ এনে কাৰ্যৰ বাবে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপো দাবী কৰিলে ভুক্তভোগী ৰাইজৰ লগতে স্থানীয় আমছুৱে।
Also Read: চাহ ফেক্টৰীত অঘটন : গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শ্ৰমিক