চাহ ফেক্টৰীত অঘটন : গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শ্ৰমিক

চাহ ফেক্টৰীত অঘটন : গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শ্ৰমিক

author-image
Asomiya Pratidin
New Update
চাহ ফেক্টৰীত অঘটন : গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শ্ৰমিক

ডিজিটেল সংবাদ,তিতাবৰ : পুনৰ চাহ ফেক্টৰীত সংঘটিত হৈছে অঘটন। তিতাবৰ টাইৰুণ চাহ বাগিচাৰ ফেক্টৰীত এইবাৰ সংঘটিত হৈছে এক অনাকাঙ্খিত ঘটনা।

কলঘৰত কৰ্মৰত অৱস্থাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজন শ্ৰমিক। জানিব পৰামতে বাগিছাৰ ফেক্টৰীৰ চিটিচি মেচিনত সোঁ ভৰি সোমাই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ভাস্কৰ মাহান্তি নামৰ শ্ৰমিকজন।

উক্ত ঘটনা সন্দৰ্ভত শ্ৰমিকসকলক বাগান কৰ্তৃপক্ষই কোনো ধৰণৰ সুৰক্ষা প্ৰদান নকৰাৰ অভিযোগ তুলিছে একাংশ শ্ৰমিকে। ইফালে আহত শ্ৰমিকজনক উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

Also Read: গৌৰৱ গগৈক নগাওঁৰ পৰা নিৰ্বাচন খেলি প্ৰদ্যুৎ বৰদলৈৰ ৰাজনৈতিক জীৱন ধ্বংস নকৰিবলৈ পীযুষ হাজৰীকাৰ আহ্বান...

tea estate titabar