SI জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত ৩ আৰক্ষী বিষয়াক মাৰাথান জেৰা CID ৰ...
SI জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত ৩ আৰক্ষী বিষয়াক মাৰাথান জেৰা CID ৰ...

SI জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত ৩ আৰক্ষী বিষয়াক মাৰাথান জেৰা CID ৰ...

ডিজিটেল সংবাদ,নগাঁও : মৰিকলং টাউন আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তথা উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুক লৈ ৰহস্য ! কেনেকৈ মৃত্যু হ’ল আৰক্ষী বিষয়াগৰাকীৰ ? সদ্যপ্ৰয়াত আৰক্ষী বিষয়াগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি এনেবোৰ চিন্তা-চৰ্চাক লৈ চি আই ডিয়ে জেৰা চলাইছে নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাক ৷

জানিব পৰা মতে সন্ধিয়াৰ পৰা অপৰাধ অনুসন্ধান বিভাগে আৰক্ষী অধীক্ষক কলিতাক নগাঁও আৰক্ষীৰ অতিথিশালাত জেৰা চলাইছে। উল্লেখ্য যে, নগাঁও আৰক্ষীৰ ক্ৰাইম শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতা ৷

সন্দেহ কৰা অনুসৰি আৰক্ষী অধীক্ষক কলিতাৰ নিৰ্দেশতে লখিমপুৰলৈ নকল টকা আৰু নকল সোণৰ চক্ৰৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈছিল এছ আই জোনমণি ৰাভা ৷ ইফালে চি আই ডিয়ে বৃহস্পতিবাৰৰ পুৱাৰে পৰা নগাঁও আৰক্ষীৰ একাংশ বিষয়াক জেৰা চলাই আছে ৷

পুৱাতে হয়বৰগাঁও টাউন আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আভা জ্যোতি ৰাভাক চি আই ডিয়ে জেৰা আৰম্ভ কৰে ৷ এছ আই আভা জ্যোতিক চি আই ডিয়ে জেৰা কৰা ১২ ঘন্টা অতিক্ৰম কৰিছে ৷

বিয়লিৰভাগত নগাঁও সদৰ থানাৰ পৰিদৰ্শক মনোজ কুমাৰ ৰাজবংশীক তলব কৰি চি আই ডিয়ে জেৰা আৰম্ভ কৰে ৷ আনহাতে সন্ধিয়া অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাক তলব কৰি জেৰা আৰম্ভ কৰে ৷

জানিব পৰা মতে চি আই ডিৰ অধীক্ষক ধ্ৰুৱ বৰাই নিজে অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাক জেৰা চলায় ৷ উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা ৰহস্যজনক হৈ উঠাৰ পিছত বিতৰ্কত নাম সাঙোৰ খাইছিল এছ আই আভা জ্যোতি ৰাভা, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতা,পৰিদৰ্শক মনোজ কুমাৰ ৰাজবংশীকে ধৰি একাধিক বিষয়াৰ৷

সময় পাৰ হোৱাৰ লগে লগে সমগ্ৰ ঘটনা ঘনঘোৰ হৈ পৰিছে ৷ চি আই ডিৰ দ্বাৰা চলি থকা তদন্তক সচেতন ৰাইজে সতৰ্ক দৃষ্টিৰে লক্ষ্য কৰি আছে বুলি জানিবলৈ দিয়ে ৷

SI জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত ৩ আৰক্ষী বিষয়াক মাৰাথান জেৰা CID ৰ...
জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত যুৱ ছাত্ৰ পৰিষদৰ স্মাৰক পত্ৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in