জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত যুৱ ছাত্ৰ পৰিষদৰ স্মাৰক পত্ৰ

সংগঠনটোৱে সমগ্ৰ বিষয়টোৰ চি আই ডি তদন্তৰ লগতে ন্যায়ধীশ অথবা অৱসৰপ্ৰাপ্ত ন্যায়ধীশৰ দ্বাৰা উচ্চস্তৰীয় তদন্তৰ দাবী জনায়
জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত যুৱ ছাত্ৰ পৰিষদৰ স্মাৰক পত্ৰ

ডিজিটেল সংবাদ,নগাঁ‌ওঃ নগাঁ‌ৱৰ মৰিকলং টাউন আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সদ্য প্ৰয়াত জোণমনি ৰাভাৰ মৃত্যু সৰ্ন্দভত যুৱ ছাত্ৰ পৰিষদৰ স্মাৰক পত্ৰ। বৃহস্পতিবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নগাঁ‌ও জিলা সমিতিয়ে নগাঁ‌ও জিলাৰ উপায়ুক্তৰ জৰিয়তে অসমৰ গৃহমন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

ঘটনা সৰ্ন্দভত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁ‌ও জিলা সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়া আৰু সাধাৰণ সম্পাদক দেৱাৰ্শীষ দাসে কয় যে মধ্য অসমৰ নগাঁ‌ও জিলাখনৰ চহৰ-নগৰ,মফচলীয় অঞ্চলসমূহত অবৈধ ব্যৱসায় তথা অসামাজিক কাৰ্যকলাপ যেনে- ড্ৰাগছ,নকলনোট,গৰু ছিন্দিকেট,অবৈধ কয়লা সৰবৰাহৰ ঘাটিত পৰিণত হৈছে। আচৰ্য্যকৰ কথা যে,জনহিতাৰ্থে জনসেৱালৈ গঠিত অসম আৰক্ষীৰ পহৰা চকী,থানা-আউট প'ষ্ট ইত্যাদিত কৰ্মৰত পুলিচৰ নাকৰ তলেদিয়েই এই কাৰ্য কেনেকৈ ঘটি আছে সেইয়া সাধাৰণ ৰাইজৰ কাৰণে লক্ষণীয় প্ৰশ্ন।

শেহতীয়াকৈ জোনমনি ৰাভাৰ মৃত্যুয়ে উপৰোক্ত ঘটনাসমূহৰ সত্য সত্যতা প্ৰমাণ কৰিছে। লগতে সমগ্ৰ নগাঁ‌ৱবাসী বিভ্ৰান্ত হৈ পৰিছে আৰু আৰক্ষী ওপৰত ৰাইজৰ আস্থা -বিশ্বাস হ্ৰাস পাইছে বুলি উল্লেখ কৰে।

উল্লেখ্য যে সামাজিক আৰু প্ৰচাৰ মাধ্যমত বিষয়টোৰ বিভিন্ন দিশ উন্মোচন হৈছে আৰু ৰহস্যঘন হৈ পৰিছে। সেয়েহে সংগঠনটোৱে সমগ্ৰ বিষয়টোৰ চি আই ডি (CID) তদন্তৰ লগতে ন্যায়ধীশ অথবা অৱসৰপ্ৰাপ্ত ন্যায়ধীশৰ দ্বাৰা উচ্চস্তৰীয় তদন্তৰ দাবী জনায়। লগতে ‌নগাঁ‌ও জিলাত সংঘটিত অ-সামাজিক কাৰ্যকলাপ ৰোধৰ বাবে উচ্চস্তৰীয় প্ৰশাসনিক তন্ত্ৰ গঠন কৰি ক্ষীপ্ৰতাৰে ফলপ্ৰসু কৰ্মব্যৱস্থা হাতত ল'বলৈ সংগঠনটোৱে দাবী জনায় ৷

জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত যুৱ ছাত্ৰ পৰিষদৰ স্মাৰক পত্ৰ
ফাটবিহু কাণ্ড : ঘিলামৰাত ক্ষুব্ধ ২২ টা সংগঠনৰ সংবাদমেল

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in