পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি! হানি-খুচি মহিলাই হত্যা কৰিলে স্বামীক...

নিজ পত্নীয়ে চোকা অস্ত্ৰৰে হানি খুচি হত্যা কৰিলে স্বামীক। বৃহস্পতিবাৰে পোহৰলৈ আহে এই হত্যাকাণ্ডৰ কথা।

author-image
Asomiya Pratidin
New Update
পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি! হানি-খুচি মহিলাই হত্যা কৰিলে স্বামীক...

ডিজিটেল ডেস্কঃ বজালীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। নিজ পত্নীয়ে চোকা অস্ত্ৰৰে হানি খুচি হত্যা কৰিলে স্বামীক। বৃহস্পতিবাৰে পোহৰলৈ আহে এই হত্যাকাণ্ডৰ কথা।

Advertisment

সূত্ৰ অনুসৰি জানিব পৰা মতে পাৰিবাৰিক কন্দলৰ পৰিণতিতেই এই হত্যাকাণ্ড সংঘটিত হয়। নিশা দুই স্বামী-স্ত্ৰীৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল আৰু তেতিয়াই পত্নীয়ে স্বামী নিৰঞ্জন বৰাক হত্যা কৰিছিল।

ঘটনা সংঘটিত কৰিয়েই বৃহস্পতিবাৰে পুৱা জুনিতা বৰা নামৰ মহিলা গৰাকীয়ে ৬ বছৰীয়া সন্তানৰ সৈতে গৈ ভৱানীপুৰ আৰক্ষী থানাত আত্মসমৰ্পন কৰে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিয়েই ঘটনাস্থলীত উপস্থিত হয়।

উল্লেখ্য যে, নিৰঞ্জন বৰা গোলাঘাটৰ বাসিন্দা আছিল । বিয়াৰ পাছত যোৱা প্ৰায় ১০ বছৰ ধৰি বজালীৰ শহুৰেকৰ ঘৰত আছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Also Read: ভাস্কৰ্য্য শিল্পীৰ ইচ্ছা, পূৰণ কৰিবলৈ সুবিধা দিব নে ৰাষ্ট্ৰপতিয়ে...

bajali crime