নগাঁৱৰ বৰক'লাত 'সৃষ্টি'ৰ উদ্যোগত"চফলা ফাগুনলৈ নিমন্ত্ৰণি চিঠি"

বকুলৰ তলত হাতত ৰং- তুলিকা লৈ এখন ছবিৰে ফাগুনক আদৰে চিত্ৰশিল্পী লক্ষীপ্ৰভা শইকীয়াই শতাধিক শিল্পী সাহিত্যিকৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটোৰ গীত কবিতাৰ মাজৰে আঁতধৰি মনোজ্ঞ কৰি সজাই অনুষ্ঠানটোৰ সম্পাদক তথা কবি সাংবাদিক জ্যোতি প্ৰসাদ বৰাই।

author-image
Asomiya Pratidin
New Update
নগাঁৱৰ বৰক'লাত 'সৃষ্টি'ৰ উদ্যোগত"চফলা ফাগুনলৈ নিমন্ত্ৰণি চিঠি"

ডিজিটেল সংবাদ,কামপুৰঃ "ফাগুন হেনু ৰঙা মাহ ;এই কথা ফাগুনেহে জানে"।ফাগুনক লৈ কবিৰ মন উতনুৱা হয়। শীতক বিদায় দি লাহে লাহে আগমন হৈছে বলিয়া ফাগুনৰ। ফাগুনৰ আগমনৰ বতৰা লৈ সৃষ্টি'ৰ উদ্যোগত নগাঁৱৰ বৰক'লা উচতৰ মাধ্যমিক বিদ্যালয়ৰ বকুল তলত শব্দ আৰু সুৰৰ এক মনোঞ্জ অনুষ্ঠান চঞ্চলা ফাগুনলৈ নিমন্ত্ৰণী চিঠি --- অনুষ্ঠিত হয়। গণৰাজ্য দিৱসৰ দিনা বৰক'লা উচ্চতৰ মাধ্যমিৰ বকুলৰ তলত অনুষ্ঠিত এই অনুষ্ঠানত সমাহাৰ ঘটিল গীত ;নৃত্য সাহিত্যৰ ।

Advertisment

উল্লেখ্য সংস্কৃতিৰ পথাৰখনত সম্ভাৱনাৰ ন ন সৃষ্টিৰ নিৰন্তৰ প্ৰয়াসৰ লগতে অসমৰ জাতীয় কৃষ্টিক উপস্থাপন কৰাৰ উদ্দেশ্য আগত প্ৰদৰ্শন কৰা সুন্দৰ অনুষ্ঠানটোত উপস্থিত দৰ্শকক আপ্লুত কৰি তোলে প্ৰায় অৰ্দ্ধ শতাধিক কণ্ঠ শিল্পীয়ে । গল্পকাৰ শিৱানন্দ কাকতি,সংগীতজ্ঞ দীপক কুমাৰ শৰ্মা,কৃষ্ণ দুলাল বৰুৱা,শিল্পী ৰঞ্জন বেজবৰুৱা,নয়ন অসম কলিয়াবৰীয়া,সন্তোষ কলিতা,ৰূপম কাকতি,গীতাৰ্থ শৰ্মা,তমসা শইকীয়া,ৰাম মণ্টু পাটৰ,কীৰ্তিকৃষ্টি বৰা,দীপক দাস,দিলীপ শইকীয়া,যজ্ঞজ্যোতি বৰা,কৰবী বৰা শিল্পী অঞ্জলি মহন্ত,চিত্তদেৱ মহন্ত আদি বহুতো কৰি বহুকেইগৰাকী শিল্পী সাহিত্যিকে পৰিবেশন কৰা প্ৰতিটো গীতে কথাৰে সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে।

বকুলৰ তলত হাতত ৰং- তুলিকা লৈ এখন ছবিৰে ফাগুনক আদৰে চিত্ৰশিল্পী লক্ষীপ্ৰভা শইকীয়াই শতাধিক শিল্পী সাহিত্যিকৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটোৰ গীত কবিতাৰ মাজৰে আঁতধৰি মনোজ্ঞ কৰি সজাই অনুষ্ঠানটোৰ সম্পাদক তথা কবি সাংবাদিক জ্যোতি প্ৰসাদ বৰাই। অনুষ্ঠানটোৰ সভাপতি বৰক'লা উচ্চতৰ মাধ্যমিকৰ অধ্যক্ষ তথা সাংস্কৃতিক কৰ্মী প্ৰতাপ সিংৰ লগতে বিদ্যালয় খনৰ শিক্ষক -শিক্ষয়ত্ৰী আৰু কৰ্মকতা সকলে বিশেষভাৱে উদ্যোগ লৈ অনুষ্ঠিত কৰা অনুষ্ঠানটোৱে সকলোকে আপ্লুত কৰি তুলিছে।

Also Read: বীৰ লাচিত সেনাৰ ৬ সদস্যক গ্ৰেপ্তাৰ

nagaon