/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/5b5244b9-d7c4-4495-975c-09317d60c060/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ "মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বহুমুখী প্ৰতিভাৰ আকৰ স্বৰূপ। মহাপুৰুষ জনাই ধৰ্ম প্ৰচাৰ, শিক্ষা, চিত্ৰবিদ্যা, সমাজ সংস্কাৰ, সাহিত্য সৃষ্টি, সংগীত অভিনয় সকলো বিষয়তে অসমীয়া জাতি আৰু অসমীয়া ভাষা সাহিত্যক জীৱনী শক্তি প্ৰদান কৰি থৈ গৈছে।"- এই মন্তব্য বিশিষ্ট সমাজ সংগঠক তথা বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ব্ৰজেন কাকতিৰ।
সোমবাৰে শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ দ্বিতীয় দিনা পুৱা বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত দৌল মন্দিৰ চৌহদত অনুষ্ঠিত চিত্ৰাংকন প্ৰতিযোগিতা উদ্ধোধন কৰি ব্ৰজেন কাকতিয়ে লগতে কয় যে, "আমাৰ সভ্যতা, সংস্কৃতি সুৰক্ষাৰ বাবে আমি সকলো একগোট হব লাগিব।" শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ দ্বিতীয় দিনা কাৰ্যসূচী অনুসৰি, পুৱা ৩ বজাত তাল কোবোৱা প্রসঙ্গ, ৪ বজাত মঞ্জিৰা নাম, ৮ বজাত আইসকলৰ নাম, দুপৰীয়া প্ৰসংগ অনুষ্ঠিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/e3aa1448-2ac1-4fc7-914c-96f4484e9790/2af50da4_cb4e_4a39_95d4_f71e0590f9b6.jpg)
আনহাতে পুৱা ১০ বজাত চিত্ৰাংকন প্ৰতিযোগিতাৰ পাছত ১১. ৩০ বজাত গছপুলি ৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয়। গছপুলি ৰোপণ কাৰ্যসূচী উদ্ধোধন কৰি নগাঁও জিলাৰ আৰক্ষী অধীক্ষক নৱনীত মহন্তই প্ৰথম অসমীয়া নাটক চিহ্ন যাত্ৰা আৰু সংস্কৃতিৰ উৎসৱ দৌল উৎসৱ হোৱা ঐতিহ্যমণ্ডিত পৱিত্ৰ ঠাইত এই মহান কাৰ্যসূচীৰ অংশগ্ৰহণ কৰি নিজকে সৌভাগ্যবান বুলি প্ৰকাশ কৰে। ইফালে বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰৰ আই খেৰসূতী সাংস্কৃতিক মঞ্চত দুপৰীয়া ১২ বজাৰ পৰা আৰম্ভ হয় সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা।
বিয়লি ২ বজাৰ পৰা নাটঘৰ প্ৰাংগণত গুৰু চৰিত পাঠ অনুষ্ঠিত হয়। গুৰু চৰিত পাঠ কৰে ডম্বৰুধৰ বৰনামলগোৱাই। নিশা ১০ বজাৰ পৰা আই খেৰসূতী সাংস্কৃতিক মঞ্চত "সত্রীয়া সংস্কৃতিক" অনুষ্ঠান অনুষ্ঠিত হয়। "সত্রীয়া সংস্কৃতিক" অনুষ্ঠান উদ্ধোধন কৰে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক অৰূপ কুমাৰ শইকীয়াই। আনহাতে মঙলবাৰে গুৰু জন্মজয়ন্তীৰ তৃতীয় দিনা পুৱাৰ পৰা বিভিন্ন কাৰ্য্যসূচীৰ অনন্ত দুপৰীয়া ১ বজাত সদৌ অসম ভিত্তিত বৰগীত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/c721fe83-3a78-4859-8f08-0b91090b379a/4ab1a4fa_9a37_4404_9545_cb2ddc7016e2.jpg)
নিশা ৯ বজাত পুৰনি গুডামৰ শিল্পীৰ দলে পত্নী প্ৰসাদ অংকীয়া ভাওনা পৰিবেশন কৰিব। আনহাতে দেওবাৰে গুৰু জন্মজয়ন্তীৰ প্ৰথম দিনা ১২ বজাত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা আৰু দুপৰীয়া নাম প্ৰসঙ্গৰ পিছত বিয়লিৰ ভাগত গুৰু চৰিত পাঠৰ অনুষ্ঠান অনুষ্ঠিত হয়। সন্ধিয়া থান চৌহদ আকাশীগংগা চৌহদ সতীৰাধিকা স্মৃতিক্ষেত্ৰ আৰু দৌলমন্দিৰ চৌহদৰ লগতে দুই সত্ৰৰ প্ৰতিজন ভকতৰ গৃহৰ পদুলিত প্ৰজ্বলিত বন্তিৰ আলোকৰে দৃষ্টিনন্দন হৈ পৰে। নিশা জামুগুৰি হাটৰ শিল্পীৰ দলে আইখেৰসুঁতি সাংস্কৃতিক মঞ্চত ৰাম বিজয় ভাওনা পৰিবেশন কৰে।
Also Read: মণিপুৰত নিৰাপত্তা বাহিনীৰ অভিযানত উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ