/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/ee16429c-9598-4080-97f2-e826ae892d70/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল সংবাদ, শিলচৰঃ চুবুৰীয়া ৰাজ্য মণিপুৰত সোমবাৰেও অব্যাহত আছে অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযান। মণিপুৰৰ থৌবাল জিলা আৰক্ষীৰ স্পেচিয়েল অপাৰেচন গ্ৰুপ আৰু অসম ৰাইফলছে অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে থৌবাল জিলাত অভিযান চলাই বুজন পৰিমাণৰ মাৰণাস্ত্ৰ, গুলী আৰু বিস্ফোৰক উদ্ধাৰ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/935f9acb-9b6f-4ed4-8ca8-5bb740770d78/f8c443cc_f25e_4809_9d55_105101c22163.jpg)
খোইৰম লাইজিং এলেকাত অভিযান চলাই নিৰাপত্তা বাহিনীটোয়ে এটা এছ এল আৰ, ৭টা এছ এল আৰ মেগাজিন, এটা এণ্টি ৰিয়েট পিষ্টল আৰু এটা হেণ্ড গ্ৰেনেড উদ্ধাৰ কৰে। ইফালে দেওবাৰেও দুটা পৃথক অভিযানত অসম ৰাইফল আৰু মণিপুৰ আৰক্ষীয়ে মনিপুৰৰ-ম্যানমাৰ সীমান্তৱৰ্তী ম'ৰে আৰু ইম্ফল পশ্চিম, ইম্ফল পূব, কাকছিং বিষ্ণুপুৰ থৌবাল আৰু চুৰাচান্দপুৰৰ বিভিন্ন স্থানত অভিযান চলাই যথেষ্ট সংখ্যক মাৰণাস্ত্ৰ জব্দ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/f4b7213d-2da5-4b26-a83e-0826fd777d24/3a76d567_7c40_44cc_9c29_aa7626ce7ec8.jpg)
ম'ৰে এলেকাৰ নিউ ছিজাং গাঁৱৰ পৰা এটা ৯ এম এম পিষ্টল, ২টা কাউণ্ট্ৰি মেড মৰ্টাৰ, ২ টা কাউণ্ট্ৰি মেড বন্দুক আৰু কেইবা জাঁইয়ো সজীৱ গুলী জব্দ কৰে। আনটো অভিযানত এটা .৩০৩ ৰাইফল আৰু ১০টা গ্ৰেনেড জব্দ কৰে।
Also Read: দিল্লীৰ সত্ৰীয়া নৃত্যশালাত অৱতীৰ্ণ দেশী-বিদেশী পৰীক্ষাৰ্থী