গুৰুদেৱ শ্ৰীমৎ প্ৰেমানন্দ ব্ৰহ্মচাৰী বাবাৰ ৬৮ সংখ্যক তিৰোভাৱ তিথি উৎসৱ পালন...

গুৰুদেৱ শ্ৰীমৎ প্ৰেমানন্দ ব্ৰহ্মচাৰী বাবাৰ ৬৮ সংখ্যক তিৰোভাৱ তিথি উৎসৱ পালন...
গুৰুদেৱ শ্ৰীমৎ প্ৰেমানন্দ ব্ৰহ্মচাৰী বাবাৰ ৬৮ সংখ্যক তিৰোভাৱ তিথি উৎসৱ পালন...

ডিজিটেল সংবাদ হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ হাওৰাঘাট তিনিআলিত কাৰ্বি আংলং জিলা দক্ষিণ পশ্চিম আঞ্চলিক সনাতন ব্ৰহ্ম ধৰ্ম প্ৰচাৰ সেৱা সমিতিৰ উদ্যোগত শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা ব্ৰহ্ম সমাজৰ গুৰুদেৱ শ্ৰীমৎ প্ৰেমানন্দ ব্ৰহ্মচাৰী বাবাৰ ৬৮ সংখ্যক তিৰোভাৱ তিথি উৎসৱৰ আজি দ্বিতীয় দিন । গুৰুদেৱ শ্ৰীমৎ প্ৰেমানন্দ ব্ৰহ্মচাৰী বাবাৰ তিৰোভাৱ তিথিৰ কাৰ্যসূচী অনুসৰি পুৱা গুৰুদেৱৰ স্মৃতি মঠত পুষ্পাঞ্জলী অৰ্পণ কৰে পুৰোহিত বাসুদেৱ ব্ৰহ্মই ।

ইয়াৰ পিছতে বিশ্বশান্তিৰ বাবে উদয়াস্ত অখণ্ড যজ্ঞ প্ৰজ্বলন কৰে আচাৰ্য লক্ষীন্দ্ৰ ব্ৰহ্ম গয়াৰীয়ে। মহিলাসকলৰ দ্বাৰা ভাগৱত নাম অনুষ্ঠিত কৰা হয় । ইয়াৰ পিছতে মুকলি ধৰ্ম সভা অনুষ্ঠিত কৰা হয় ।

ইয়াত সভাপতিত্ব কৰে কাৰ্বি আংলং জিলা দক্ষিণ পশ্চিম আঞ্চলিক সনাতন ব্ৰহ্ম ধৰ্ম প্ৰচাৰ সেৱা সমিতিৰ সভাপতি ভুৱন বসুমতাৰীয়ে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং জিলা ব্ৰহ্ম ধৰ্মৰ উপদেষ্টা নজৰেন্দ্ৰ বসুমতাৰী, বিশিষ্ট অতিথি হিচাপে জিলা ব্ৰহ্ম ধৰ্ম প্ৰচাৰ সাংসদ আচাৰ্য ধীৰেণ নাৰ্জাৰী, পুৰোহিত হৰিদাস বসুমতাৰী, জিলা ব্ৰহ্ম ধৰ্ম প্ৰচাৰ সাংসদ সহ সম্পাদক বুদ্ধিৰাম নাৰ্জাৰী,ডিম্বেশ্বৰ দৈমাৰী, বিনন্দ বসুমতাৰী, জলধৰ বসুমতাৰী, নিলিমা ব্ৰহ্ম, ৰূপালী বসুমতাৰী, অতুল চন্দ্ৰ খাখলাৰী, লক্ষীন্দ্ৰ ব্ৰহ্ম গয়াৰী, আদি উপস্থিত থাকে ।

সভাৰ চিনাকি পৰ্বৰ আঁত ধৰে ধৰ্মেন্দ্ৰ খাখলাৰীয়ে আৰু শলাগৰ শৰাই আগবঢ়াই ভূপেন চেতিয়াই ।

গুৰুদেৱ শ্ৰীমৎ প্ৰেমানন্দ ব্ৰহ্মচাৰী বাবাৰ ৬৮ সংখ্যক তিৰোভাৱ তিথি উৎসৱ পালন...
৮ মে'ত ঘোষণা হ'ব গৃহ, আবকাৰী আৰু বন বিভাগৰ নিযুক্তিৰ ফলাফল...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in