/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/377cc783-f220-4d08-a9c1-5b66409aae44/AP_FOR_rimjhim.jpg)
ডিজিটেল সংবাদ, নগাঁও: দেওবাৰে নিশা গুৱাহাটীৰ জালুকবাৰীত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সাতজনকৈ ছাত্ৰই । ছাত্ৰকেইজনৰ ভিতৰত নগাঁও চহৰৰ আমোলাপট্টিৰ উপাংশু শৰ্মাৰো মৃত্যু হয় দুৰ্ঘটনাত ।
সোমবাৰে ছাত্ৰগৰাকীৰ মৃতদেহ বাসগৃহত আহি পোৱাৰ পিছত শোকাকুল পৰিৱেশৰ সৃষ্টি হয় ৷ আমোলাপট্টি নিৱাসী বীমা কোম্পানীৰ বিষয়া প্ৰয়াত ত্ৰৈলোক্য শৰ্মা আৰু অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী দীপালী বৰদলৈৰ একমাত্ৰ পুত্ৰ সন্তান উপাংশু শৰ্মাৰ মৃত্যুত নগাঁৱত শোকৰ ছাঁ পৰিছে ।
আজি সন্ধিয়া উপাংশুৰ নশ্বৰ দেহ স্বগৃহত উপস্থিত হোৱাৰ পিছতেই কান্দোনত ভাগি পৰে ছাত্ৰজনৰ মাতৃ আৰু জ্যেষ্ঠ ভগ্নীৰ লগতে পৰিয়ালে তথা শুভাকাংক্ষীসকলো । উল্লেখ্য যে প্ৰায় ছবছৰ পূৰ্বে দুৰাৰোগ্য ৰোগত উপাংশুৰ পিতৃ ত্ৰৈলোক্য শৰ্মাৰ মৃত্যু হৈছিল।
মেধা আৰু অমায়িক স্বভাৱৰ উপাংশুৱে নগাঁও কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা দশম আৰু দ্বাদশ শ্রেণীৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ পৰৱৰ্তী সময়ত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত কম্পিউটাৰ ইঞ্জিনিয়াৰিং বিভাগত নাম ভৰ্তি কৰিছিল।
পঞ্চম ষান্মাসিকৰ ছাত্ৰজনে দুৰ্ঘটনাত এনেদৰে মৃত্যুক সাবটি লোৱা ঘটনাই তেওঁৰ পৰিয়ালৰ লগতে শুভাকাংক্ষীসকলক শোকস্তব্ধ কৰি তুলিছে । ওচৰ চুবুৰীয়া আৰু পৰিয়ালৰ সকলোৰে প্ৰিয় উপাংশু সৰুৰে পৰা নম্ৰ আৰু নিৰ্জু স্বভাৱৰ আছিল বুলি মত প্ৰকাশ কৰি দুষ প্ৰকাশ কৰিছে ।
কি পৰিস্থিতিত ছাত্ৰজনে সমনীয়াৰ সৈতে নিশা অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰাবাসৰ পৰা ওলাই আহি এনেদৰে দুৰ্ঘটনাত পতিত হৈ মৃত্যুবৰণ কৰিলে তাক লৈ বহুতৰে মনত প্ৰশ্নৰ উদয় হৈছে । এই ক্ষেত্ৰত শিক্ষা প্ৰতিষ্ঠানখনৰ নিৰাপত্তা ব্যৱস্থাৰ দুৰ্বল দিশটো উন্মোচিত হোৱা বুলি চৰ্চা চলিছে । নিশা আমোলাপট্টি শ্মশানত উপাংশুৰ নশ্বৰ দেহৰ শেষকৃত্য সম্পন্ন হয়।
Also Read: দক্ষিণপাটত ৰাভা দিৱসৰ আয়োজনৰ প্ৰস্তুতি...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us