দক্ষিণপাটত ৰাভা দিৱসৰ আয়োজনৰ প্ৰস্তুতি...

নগাঁও জিলাৰ দক্ষিণপাট আঞ্চলিক ৰাভা দিৱস উদযাপন সমিতিৰ উদ্যোগত অহা ২০ জুন আৰু ২৪ জুন এই দুদিনীয়া কাৰ্যসূচীৰে বিষ্ণু প্ৰসাদ ৰাভা দিৱস উদযাপনৰ প্ৰস্তুতি চলিছে।
দক্ষিণপাটত ৰাভা দিৱসৰ আয়োজনৰ প্ৰস্তুতি...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ দক্ষিণপাট আঞ্চলিক ৰাভা দিৱস উদযাপন সমিতিৰ উদ্যোগত অহা ২০ জুন আৰু ২৪ জুন এই দুদিনীয়া কাৰ্যসূচীৰে বিষ্ণু প্ৰসাদ ৰাভা দিৱস উদযাপনৰ চলিছে প্ৰস্তুতি। কাৰ্যসূচী অনুসৰি ২০ জুনৰ পুৱা পতাকা উত্তোলন, বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি প্ৰদানৰ পাছত চিত্ৰাংকন প্ৰতিযোগিতা আৰু ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব।

ইফালে ২৪ জুনৰ সন্ধিয়া বিষ্ণু প্ৰসাদ ৰাভাৰ গীতৰ আধাৰত নৃত্য প্ৰতিযোগিতাৰ পাছত স্থানীয় শিল্পীবৃন্দই পৰিৱেশন কৰিব নটসূৰ্য ফণী শৰ্মাৰ কালজয়ী নাটক চিৰাজ। সোমবাৰে দক্ষিণপাট ৰাজহুৱা অতিথিশালাত চিৰাজ নাটৰ শুভ মুহুুৰত অনুষ্ঠানটি অনুষ্ঠিত হয়।

উদযাপন সমিতিৰ সভাপতি দীলিপ লস্কৰে আঁত ধৰা অনুষ্ঠানটিত বন্তি প্ৰজ্বলন কৰে প্ৰবীন অভিনেতা পুস্প বৰাই । লগতে নাৰিকল ভাঙি শুভাৰম্ভণি কৰে বৰকলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰতাপ সিংহই। অনুষ্ঠানটিত নাট পৰিচালক ৰাতুল দাস, দিলীপ লস্কৰ, মনোজ শৰ্মাকে আদি কৰি অঞ্চলটোৰ কেইবাগৰাকীও শিল্পী উপস্থিত থাকে।

বৃহত্তৰ দক্ষিণপাট অঞ্চলৰ বাৰেগঞা ৰাইজৰ সহযোগত অনুষ্ঠিত হবলগিয়া বিষ্ণু প্ৰসাদ ৰাভা দিৱসৰ সকলো কাৰ্যসূচীত ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে।

দক্ষিণপাটত ৰাভা দিৱসৰ আয়োজনৰ প্ৰস্তুতি...
চিলাপথাৰ ডাইনীকাণ্ডৰে জড়িত সাতগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in